ধুবুৰীত দেশদ্ৰোহিতাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

সামাজিক মাধ্যমত দুষ্ট চক্ৰৰ দেশ বিৰোধী কাৰ্যকলাপৰ গতি বিধিৰ ওপৰত অসম আৰক্ষীয়ে তীক্ষ্ম দৃষ্টি ৰখাৰ সময়তে ধুবুৰী আৰক্ষীয়ে বুধবাৰে দেশদ্ৰোহিতাৰ অভিযোগত এজন যুৱকক ধুবুৰীৰ বালাডোবাৰ পৰা গ্ৰেপ্তাৰ কৰা ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
fjhfg

ডিজিটেল সংবাদ, ধুবুৰী : সামাজিক মাধ্যমত দুষ্ট চক্ৰৰ দেশ বিৰোধী কাৰ্যকলাপৰ গতি বিধিৰ ওপৰত অসম আৰক্ষীয়ে তীক্ষ্ম দৃষ্টি ৰখাৰ সময়তে ধুবুৰী আৰক্ষীয়ে বুধবাৰে দেশদ্ৰোহিতাৰ অভিযোগত এজন যুৱকক ধুবুৰীৰ বালাডোবাৰ পৰা গ্ৰেপ্তাৰ কৰা ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সূত্ৰত পোৱা খবৰ মতে দেশ বিৰোধী কাৰ্য কলাপৰ অভিযোগত  ৰাশিদুল হক প্ৰধানী (২৩) নামৰ এজন যুৱকক ধুবুৰী জিলাৰ বালাডোবা অঞ্চলৰ পৰা আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিছে।

Advertisment

ৰাশিদুল হকে পাকিস্তানক সমৰ্থন কৰা পোষ্ট এটি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ভাইৰেল হৈ পৰিছিল । ইপিনে আৰক্ষীয়ে ৰাশিদুল হক প্ৰধানীক আজি গ্ৰেপ্তাৰ কৰাৰ পিচত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে নতুনকৈ প্ৰৱৰ্তিত ভাৰতীয় ন্যায় সংহিতা অনুসৰি দেশদ্ৰোহিতা আৰু সন্ত্রাসবাদ সম্পৰ্কীয় বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে  ধৃত ৰাশিদুল হক প্ৰধানীৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত ডিবিবি পিএছ গোচৰ  নং ৩০৫/২৫ অনুসৰি বিএনএছ ধাৰাৰ ১১৩(৩) অধীনত আৰক্ষীয়ে বিষয়টোৰ তদন্ত চলাই থকা বুলি জানিব পৰা গৈছে। ইপিনে অভিযুক্তই সামাজিক মাধ্যমত প্ৰচাৰ কৰা বিষয়ৰ সঠিক তথ্য এতিয়ালৈকে আৰক্ষীয়ে প্ৰকাশ কৰা নাই যদিও ধাৰা ১১৩(৩) অনুসৰি তেওঁৰ কার্যকলাপক ৰাষ্ট্ৰীয় সংহতি, একতা, অখণ্ডতা, সুৰক্ষা বা অৰ্থনৈতিক স্থিৰতাৰ বিৰুদ্ধে হুমকি হিচাপে ধৰা হৈছে বুলি সূত্ৰটোৱে সদৰী কৰিছে।

অসম আৰক্ষী