/asomiyapratidin/media/media_files/2025/08/13/99-2025-08-13-23-22-52.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ ছোচাইটিৰ সহযোগত ধেমাজি স্বাস্থ্য ভৱনত এইচ আই ভি তথা এইডছ মৰাত্মাক ৰোগৰ প্ৰতিৰোধক কাৰ্য্যসূচীকলৈ বুধবাৰৰ পৰা ৬০ দিনীয়াকৈ অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ বিস্তৃত আই ই চি অভিযানৰ কাৰ্য্যসূচীৰ শুভৰাম্ভণি কৰা হয় ৷ অসম ৰাজ্যিক এইডছ কন্ট্ৰল ছোচাইটিৰ ধেমাজি শাখাৰ একাউণ্টটেন্ট পাপু শৰ্মাই আঁত ধৰা অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰে অসম ৰাজ্যিক এইডছ কন্ট্ৰল ছোচাইটিৰ ধেমাজি শাখাৰ সমল ব্যক্তি মনোজ বুঢ়াগোঁহাইয়ে ৷
অনুষ্ঠানত অতিথি হিচাপি উপস্থিত থাকি এইডছ তথা এইচ আই ভিৰ মৰাত্মাক ৰোগৰ সজাগতা সম্পৰ্কে বক্তব্য প্ৰদান কৰে জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে এম প্ৰসাদ, ধেমাজি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ খগেন দলে, জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ যোগেন দাসে ৷ সভাত অতিৰিক্ত জিলা আয়ুক্ত ভানলাল লিমপুৰীয়া নামপুৰীয়ে অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰা লগতে অভিযানৰ পতাকা উত্তোলন কৰে ৷
সভাত জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ ধৰ্মকান্ত দেউৰী, মহকুমা স্বাস্থ্য বিষয়া ডাঃ কৰবী বৰগোহাঁই গগৈ আৰু জিলা প্ৰতিষেধক বিষয়া ডাঃ পুন্য দেউৰীয়ে উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us