ডিজিটেল সংবাদ, ঢকুৱাখনা : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নীতি নিৰ্দেশনা পদপিষ্ট কৰাৰ এক নিৰন্তৰ প্ৰতিযোগিতা চলিছে ঢকুৱাখনা উন্নয়ন খণ্ডত । চৰকাৰী আঁচনিৰ পুঁজি বিভাগীয় নীতি নিয়ম ধোঁৱাচাঙত তুলি এচাম অৰ্থলোভী বিষয়া কৰ্মচাৰীৰ নিৰ্বিচাৰ লুণ্ঠনৰ ভুস্বৰ্গ হোৱাৰ বাতৰিৰ পাছত এইবাৰ পোহৰলৈ আহিছে অন্য এক নীতি বৰ্হিভূত কাণ্ড ।
খণ্ডটোৰ অন্তৰ্গত দুটা শাখা গ্ৰাম্য উন্নয়ন আৰু সামূহিক বিভাগৰ দুটা গাণনিকৰ পদকলৈ এতিয়া চলিছে স্বজন তোষণৰ নিকৃষ্ট কাৰচাজি । খণ্ডটোৰ গ্ৰামোন্নয়ন বিভাগ( আৰ ডি)ত গুৰুত্বপূৰ্ণ মৰ্যদাসম্পন্ন গাণনিক পদত মৃদুল চুতীয়াক ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তই এক নিৰ্দেশনাযোগে ১৩ ছেপ্টেম্বৰত নিযুক্তি দিছিল। উল্লেখযোগ্য যে তেওঁক বিশ্বানাথ চাৰিআলি জিলাৰ পৰা পদোন্নতিসহ বদলি সূত্ৰে এই নিযুক্তি দিছিল । তদ্রুপভাৱে চি ডি বিভাগৰ গাণনিক হিচাপে নিযুক্তি দিছিল একে পদ্ধতিৰে গাণনিক দিলীপ কুমাৰ ডেকাক ।
যোৱা ১৮ আৰু ২৪ অক্টোবৰত এই দুই গাণনিক পদত নিযুক্তই ঢকুৱাখনা উন্নয়ন খণ্ডত যোগদান কৰিছিল । কিন্তু অতি আশ্বৰ্যজনক বিষয় হৈছে এই দুই গাণনিকে আজি প্ৰায় ৩ টা মাহে বিভাগীয় দায়িত্ব পাবলৈ সক্ষম হোৱা নাই ।
খণ্ডটোৰ এটা গুৰু গোঁসাই নমনা প্ৰভাৱশালী অৰ্থলোভী চক্ৰই চক্ৰান্তমূলকভাৱে এই দুই গাণনিকক বিভাগীয় দায়িত্ব অৰ্পণৰ পৰা নিলগাই ৰাখি অভিষ্ট সিদ্ধি কৰি আহিছে ভাৰপ্ৰাপ্ত গাণনিক নিযুক্তিৰ জৰিয়তে । তাৎপৰ্যপূৰ্ণ বিষয় হ’ল- খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তই এই ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে উদাসীন আৰু বিতৰ্কিত ভূমিকা ।
এই গৰাকী খণ্ড উন্নয়ন বিষয়াৰ কৃপাদৃষ্টিতেই গাণনিকৰ দৰে সমূদায় বিত্তীয় লেন দেনৰ গধুৰ দায়িত্ব থকা দুটা গুৰুত্বপূৰ্ণ পদত স্থায়ী গাণনিক নিযুক্তি দিয়া সত্বেও ভাৰপ্ৰাপ্ত ৩গৰাকী অনভিজ্ঞ কৰ্মচাৰীক বেপৰোৱাভাৱে এই বিত্তীয় দিশটো চাবলৈ নির্বিবাদে এৰি দিয়াৰ অভিযোগ উথাপিত হৈছে । স্মৰণযোগ্য যে গ্ৰামোন্নয়ন বিভাগত এগৰাকী গ্ৰাম সেৱিকা আৰু ক্ৰেডিট বিভাগত এগৰাকী কৰ সংগ্ৰাহক তথা এগৰাকী গ্ৰাম সেৱিকাক বিভাগটোৰ সমস্ত বিত্তীয় কাম- কাজ চলাবলৈ এৰি দিয়া হৈছে কেৱল অভিষ্ট সিদ্ধিৰ স্বাৰ্থত । যাৰ পৰিপ্ৰেক্ষিতত খণ্ডটোত চৰকাৰী উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বেলিকা বৃহৎ বিত্তীয় অনিয়ম, কেলেংকাৰী সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ পাই আহিছে ।
অতি লক্ষ্যণীয় দিশ হ’ল পূৰ্ণ পদমৰ্যদা সম্পন্ন গাণনিক দুগৰাকীয়ে বিগত প্ৰায় ৩টা মাহে নিয়োজিত আৰু নিৰ্ধাৰিত দায়িত্বৰ পৰা উপেক্ষিত হৈ দিন কটাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । এনেবোৰ স্পৰ্শকাতৰ দিশ দেখি শুনি বুজিও মৌন ব্ৰত পালন কৰি আহিছে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে ।
উল্লেখযোগ্য যে বিধায়ক তথা তদানীন্তন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ কাৰ্যকালত নিযুক্তিপ্ৰাপ্ত এই তিনি গ্ৰামোন্নয়ন কৰ্মচাৰীক ভাৰপ্ৰাপ্ত গাণনিকৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰিবলৈ বিধায়কগৰাকীৰ পৰোক্ষ নিৰ্দেশনা থকা বুলিও হাটে বাটে ব্যাপক চৰ্চা চলিছে । যাৰ বাবেই বিভাগীয় আয়ুক্তৰ নিৰ্দেশনালৈকো ভ্ৰূক্ষেপ নকৰি এনে বিধি বৰ্হিভূত প্ৰক্ৰিয়াৰে গ্ৰামোন্নয়ন বিভাগটো পৰিচালনা কৰিবলৈ সাহস কৰিছে খণ্ড উন্নয়ন বিষয়াই । লখিমপুৰ জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিৰ এই ক্ষেত্ৰত কঠোৰ প্ৰশাসনিক হস্তক্ষেপ কামনা কৰিছে খণ্ডটোৰ উন্নয়নকামী ৰাইজে ।