/asomiyapratidin/media/media_files/2025/09/11/308-2025-09-11-13-36-47.jpg)
ডিজিটেল সংবাদ, চিদলী : ধুবুৰী জিলাৰ গোলোকগঞ্জত আন্দোলনকাৰী আক্ৰাছুৰ কৰ্মীৰ ওপৰত আৰক্ষীৰ আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে চিৰাঙৰ চিদলীৰ আক্ৰাছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰে চিদলীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি আক্ৰাছুৰ কৰ্মীসকলে বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম আৰক্ষী হায় হায়, বিজেপি চৰকাৰ গ' বেক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
উল্লেখ্য যে বুধবাৰে সন্ধিয়াৰ ভাগত ধুবুৰী জিলাৰ গোলোকগঞ্জত আক্ৰাছুৰ উদ্যোগত কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কামতাপুৰ ৰাজ্যৰ দাবীত উলিওৱা জোঁৰ সমদলকাৰীসকলৰ ওপৰত অসম আৰক্ষীয়ে লাঠি চালনা কৰিছিল। আৰক্ষীৰ এই নিৰ্বিচাৰ লাঠি চালনাৰ ফলত বহু সংখ্যক আন্দোলনকাৰী গুৰুতৰভাৱে আহত হৈছিল।
যি ঘটনাই কোচ-ৰাজবংশী জনগোষ্ঠীয় লোকসকলক ক্ষোভিত কৰি তোলে । আজিৰ দিনটোত অসমৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলাৰ চিদলীত আক্ৰাছু আৰু বিটিআৰ আক্ৰাছু ঐক্যবদ্ধভাৱে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কালি বিজেপি নেতৃত্বাধীন চৰকাৰখনে গোলোকগঞ্জত যি ঘটনা সংঘটিত কৰিলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ কোঁচ-ৰাজবংশী জনগোষ্ঠীয় লোকসকলে আগন্তুক বিটিচি নিৰ্বাচনত দিব বুলি সকিয়নী প্ৰদান কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সাংগঠনিক সভাপতি প্ৰাঞ্জল চৌধুৰীয়ে। পিছত চিদলী থানাৰ আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ পানী ঢালি জুই নিৰ্পাবিত কৰে ।