/asomiyapratidin/media/media_files/2025/05/02/8X82WT1zFDGbfyR4cDX9.jpg)
ডিজিটেল সংবাদ, শিলচৰ : আজি ৰাজ্যৰ ১৪ খন জিলাৰ লগতে কাছাৰ জিলাতো ২৫ খন জিলা পৰিষদ আৰু ১৬২ খন আঞ্চলিক পঞ্চায়তৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। পূৰ্বৰ আলগাপুৰ তথা বৰ্তমানৰ বৰখলা সমষ্টিৰ বৰচাংগনস্থিত কালিকা প্ৰসাদ ৰাই এম ই স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰসকলে দীঘলীয়া শাৰ পাতি থিয় হৈছে।
ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভোটকেন্দ্ৰটোত আজি কাছাৰ জিলাৰ ১০ লাখ ৬০ হাজাৰ ১৫৫ গৰাকী ভোটাৰে কাছাৰ জিলাৰ ৬৬ গৰাকী জিলা পৰিষদ ৪১৬ গৰাকী আঞ্চলিক পঞ্চায়ত আৰু ৪৩৭০ গৰাকী গ্ৰুপ সদস্যৰ ভাগ্য নিৰ্ণয় কৰিব। বৰচাংগনৰ এই কালিকা প্ৰসাদ ৰাই এম ই স্কুল কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৰাজ্যৰ মন্ত্ৰী কৌশিক ৰায়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us