/asomiyapratidin/media/media_files/2025/08/21/140-2025-08-21-13-44-06.jpg)
ডিজিটেল সংবাদ,তেজপুৰ : শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত তথা তেজপুৰৰ বিহগুৰিৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। চকুৰ আগতেই তেজপুৰ বিহগুৰিৰ তিনিখৰীয়া জাৰনিত দিনৌ বৃহৎ পৰিমাণৰ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা দেখি আতংকিত হৈ পৰিছে নৈপৰীয়া আৰু দাঁতিকাষৰীয়া গাঁৱৰ স্থানীয় ৰাইজ।
ইফালে সকলো দেখি শুনিও স্থানীয় তথা বিজেপি বিধায়ক গণেশ কুমাৰ লিম্বুৱে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আজিলৈকে উপযুক্তভাৱে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ বুলি অভিযোগ উত্থাপিত হৈ আহিছে। উল্লেখ্য যে বিহগুৰি মৌজাৰ দক্ষিণ অঞ্চলত থকা তিনিখৰীয়া, জাৰণিত বিগত বহু বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া চলি আহিছে।
ইতিমধ্যে অঞ্চলটোৰ বৃহৎ সংখ্যাক বাসগৃহ আৰু সহস্ৰাধিক বিঘা কৃষিভূমিও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ইমানেই নহয় ঐতিহ্যমণ্ডিত শিমলুগুৰি থানখনো ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।
অভিযোগ মতে বিজেপি চৰকাৰে সময়মতে বান গৰাখহনীয়া প্ৰতিৰোধৰ হেতু কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ ফলতেই বিহগুৰিৰ ৰাইজে খেতি কৰা কেইবাখনো সমবায়ৰ কেইবা সহস্ৰাধিক বিঘা ভূমি গৰাখহনীয়াৰ কবলত পৰিছে। আনহাতে গৰাখহনীয়াৰ ফলত ভূমি, বাসগৃহ হেৰুৱাই অঞ্চলটোৰ বহু লোকে জীৱনৰ নিৰাপত্তা বিচাৰি আন প্ৰান্তলৈ যাবলৈ বাধ্য হৈছে।
এইক্ষেত্ৰত ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহন কৰিবলৈ জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ লগতে চৰকাৰক দাবী জনাইছে।