আঠিয়াবাৰীত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ত্ৰিৰংগা যাত্ৰা

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ আঠিয়াবাৰীত বুধবাৰে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়

author-image
Asomiya Pratidin
New Update
93

ডিজিটেল সংবাদ, বাক্সা : দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ আঠিয়াবাৰীত বুধবাৰে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয় । মুছলপুৰ মণ্ডল বিজেপিৰ উদ্যোগত আৰু আঠিয়াবাৰী ৰাইজৰ সহযোগত উলিওৱা এই সমদল আঠিয়াবাৰী চ'কৰ মাজেৰে প্ৰায় চাৰি কিলোমিটাৰ পথ অতিক্ৰম কৰে ।

Advertisment

বিজেপিৰ কাৰ্যকৰ্তা তথা ৰাইজে ভাৰত মাতা কী জয়, আগে দেখো ভাৰত মাতা, পিছে দেখো ভাৰত মাতা, বন্দে মাতৰম ইত্যাদি ধ্বনিৰে পদযাত্ৰা কৰি ভাৰতবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।

baksa স্বাধীনতা দিৱস