অৰুণাচলৰ পাছিঘাট নিকলোকত সৈনিক স্কুল উদ্ধোধন

সাম্প্ৰতিক সময়ৰ সৈতে খাপখোৱা শিক্ষা প্ৰদানৰ লক্ষ্যৰে ৰবিবাৰে অৰুণাচল প্ৰদেশৰ পাছিঘাট নিকলোকত মুকলি কৰা হয় এখন সৈনিক স্কুল। অসম- অৰুণাচলৰ ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকসকলৰ সুবিধা হোৱাকৈ স্থাপন কৰা শৌৰ্য্য সৈনিক প্ৰাথমিক বিদ্যালয় উদ্বোধন কৰে সাংসদ তাপিৰ গাৱে

author-image
Asomiya Pratidin
New Update
অৰুণাচলৰ পাচিঘাট নিকলোকত সৈনিক স্কুল উদ্ধোধন

অৰুণাচলৰ পাচিঘাট নিকলোকত সৈনিক স্কুল উদ্ধোধন

ডিজিটেল সংবাদ, পাচিঘাট : সাম্প্ৰতিক সময়ৰ সৈতে খাপখোৱা শিক্ষা প্ৰদানৰ লক্ষ্যৰে ৰবিবাৰে অৰুণাচল প্ৰদেশৰ পাছিঘাট নিকলোকত মুকলি কৰা হয় এখন সৈনিক স্কুল।  অসম- অৰুণাচলৰ ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকসকলৰ সুবিধা হোৱাকৈ স্থাপন কৰা শৌৰ্য্য সৈনিক প্ৰাথমিক বিদ্যালয় উদ্বোধন কৰে সাংসদ তাপিৰ গাৱে।

উল্লেখযোগ্য যে, পূব ছিয়াং জিলাত অৱস্থিত সৈনিক স্কুল ইষ্ট ছিয়াঙ জিলাৰ নিকলোকত অৱস্থিত শৌৰ্য সৈনিক প্ৰাথমিক বিদ্যালয়খন উদ্বোধন কৰে অৰুণাচল পূৰ্বাঞ্চলৰ সাংসদ তপিৰ গাৱে।  এই উপলক্ষে এখন সভাৰ আয়োজন কৰা হয়। বিদ্যালয় উদ্বোধনৰ সমান্তৰালকৈ উদযাপন কৰা হয় মাতৃ দিৱস। উক্ত সভাত উপস্থিত থকা মাতৃসকলক সন্মান জনোৱা হয়। 

উল্লেখযোগ্য যে শৌৰ্য সৈনিক প্ৰাথমিক বিদ্যালয়ে সৈনিক বিদ্যালয় পূব ছিয়াঙৰ অধীনত কাম কৰিব। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰশাসনিক বিষয়া মেজৰ আব্দুল ইৰফান, সৈনিক স্কুল ইষ্ট ছিয়াং জিলাৰ প্ৰথম গৰাকী মহিলা চিকিৎসক গায়ত্ৰী পোলা, জিলা পৰিষদ সদস্যা অৰুনি জামোহ, গাঁও প্ৰধানকে ধৰি বহু গণ্য-মান্য ব্যক্তি। 

অৰুণাচলৰ পাচিঘাট নিকলোকত সৈনিক স্কুল উদ্ধোধন
অৰুণাচলৰ পাচিঘাট নিকলোকত সৈনিক স্কুল উদ্ধোধন

উদ্বোধনী অনুষ্ঠানত ভাষণ দি অৰুণাচল পূৱ সমষ্টিৰ সাংসদ তপিৰ গাৱে বিদ্যালয়খনৰ উন্নয়নত সকলো ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই বিদ্যালয়খনে গুণগত শিক্ষা প্ৰদানৰ জৰিয়তে মানৱ সম্পদ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কয়। বিদ্যালয়খনৰ বাবে তেওঁ ৫০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। তদুপৰি সাংসদ পুঁজিৰ পৰা বিদ্যালয়খনৰ উন্নয়নৰ বাবে ১০ লাখ টকা যোগান ধৰাৰো মনস্থ কৰে।

অৰুণাচলৰ পাচিঘাট নিকলোকত সৈনিক স্কুল উদ্ধোধন
অৰুণাচলৰ পাচিঘাট নিকলোকত সৈনিক স্কুল উদ্ধোধন

সভাত উপস্থিত থাকি ইষ্ট ছিয়াং সৈনিক স্কুলৰ অধ্যক্ষ প্ৰবীণ কুমাৰ পলাই শৌৰ্য সৈনিক প্ৰাথমিক বিদ্যালয়ে ভৱিষ্যতে অৰুণাচল প্ৰদেশৰ শৈক্ষিক ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব বুলি মন্তব্য কৰে।

অৰুণাচল