ভাৰতৰ বৈদেশিক নীতিক প্ৰশংসা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ…

ভাৰতৰ বৈদেশিক নীতিক প্ৰশংসা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ…

author-image
asomiyapratidin
New Update
শত্ৰুতা পাহৰি কোৰোনা ভাইৰাছৰ বিৰুদ্ধে একেলগে যুঁজ দিব ভাৰত-পাকিস্তানে…

ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰশংসা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। দেওবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ স্বতন্ত্ৰ বিদেশ নীতিৰ প্ৰশংসা কৰি কয় যে আমেৰিকাৰ নিষেধাজ্ঞাৰ পাছটো ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল আমদানি কৰিছে।

Advertisment

ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ তীব্ৰ সমালোচক খানে মুকলিকৈ ভাৰতীয় বৈদেশিক নীতিৰ প্ৰশংসা কৰে।এক ৰেলী সম্বোধন কৰি খানে এই কথা কয়।

তেওঁ কয় যে "তেওঁ চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতৰ প্ৰশংসা কৰিব কিয়নো ভাৰতৰ ওচৰত স্বতন্ত্ৰ বিদেশ নীতি আছে।ভাৰত কোৱাড গোটৰ অংশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষেধাজ্ঞাৰ পাছতো ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰিছে"।

ইমৰান খানে সংসদত এক অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হোৱাৰ পূৰ্বে জন সমৰ্থন লাভ কৰিবলৈ বিভিন্ন ৰেলীত ভাগ লৈ আছে । আৰু এক ৰেলীত অংশগ্ৰহণ কৰিয়েই ভাৰতৰ প্ৰশংসা কৰে খানে।

india imran khan narendra modi