পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ৰেলীত গুলীচালনা, আহত ইমৰান খান

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ৰেলীত গুলীচালনা।

author-image
Asomiya Pratidin
New Update
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ৰেলীত গুলীচালনা, আহত ইমৰান খান

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পাকিস্তানৰ ৱাজিৰাবাদ অঞ্চলত অনুষ্ঠিত হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ৰেলীত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। এই ঘটনাটোত বৰ্তমানলৈ কেইবাজনো লোক আহত হৈছে। ইয়াত কেইবাগৰাকী শীৰ্ষ বিষয়াও আহত হৈছে।

Advertisment

এই ঘটনাত ইমৰান খানো কিছু পৰিমানে আহত হোৱা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ভৰিত গুলী লাগিছে।

বৰ্তমান ইমৰান খানৰ চিকিৎসা চলি আছে। অন্যহাতে গ্ৰেপ্তাৰ কৰা হৈছে আক্ৰমণকাৰীক।

imran khan pakistan