প্ৰাক্তন আছু কৰ্মীৰ উমৈহতীয়া সংগঠন 'প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন'ৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন..

প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন
প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন

ডিজিটেল সংবাদ নগাঁও : সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়াসকলৰ দ্বাৰা গঠিত তথা উমৈহতীয়া নৱগঠিত সংগঠন প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা দেওবাৰে নগাঁৱত অনুষ্ঠিত হয়। নগাঁও চহৰস্থিত জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী স্মৃতি ভৱন প্ৰেক্ষাগৃহত মোহন নাথৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সংগঠনটোৰ সাংগঠনিক সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীন বড়ো, জ্যেষ্ঠ নেতা কমলেশ ডেকা, হিতেশ্বৰ ফুকনৰ লগতে কেইবা গৰাকীও নেতা উপস্থিত থাকে।

জিলাখনৰ প্ৰায় শতাধিক প্ৰাক্তন ছাত্ৰ নেতা কৰ্মীসকলৰ ভিতৰত আছিল আছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ-সভাপতি বিজয় বৰঠাকুৰ,বুদ্ধেশ্বৰ শইকীয়া, প্ৰাক্তন শিক্ষা আৰু সাংস্কৃতিক সম্পাদক সুৰজিৎ কুমাৰ গোস্বামী, সাংগঠনিক সম্পাদক পৰাণ গোহাঁই, প্ৰভাত কলিতা,জয়ন্ত কুমাৰ বৰা,ৰিতুল বৰপূজাৰী ,চিমল দেউৰী, অতুল মেধিকে ধৰি নগাঁও জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা সকল উপস্থিত থাকি নিজৰ নিজৰ বক্তব্য দাঙি ধৰে।

নৱগঠিত সংগঠন প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ লক্ষ্য, উদ্দেশ্য সম্পৰ্কে অৱগত কৰি প্ৰাক্তন আছু নেতা প্ৰবীন বড়োৱে কয়- এই সংগঠনটো সদায় ৰাজনৈতিক ভাৱে উৰ্ধত থাকি কাম-কাজ পৰিচালনা কৰাৰ লগতে প্ৰাক্তন আছু নেতা কৰ্মীসকলৰ দুখত দুখী আৰু সুখতো সুখী হোৱাৰ সংকল্প গ্ৰহণ কৰিছে। তদুপৰি প্ৰায় ১০০ কোটি টকাৰ এটা ন্যাস গঠন কৰি প্ৰাক্তন আছু নেতা কৰ্মীসকলৰ বিপদ -আপদ কালত আৰ্থিক ভাৱে সকাহ দিয়াৰ আন এক সংকল্প গ্ৰহণ কৰিছে।

ইতিমধ্যে সংগঠনটোৰ নীতি আদৰ্শ সন্নিবিষ্ট কৰি এখন পূৰ্ণাঙ্গ খছৰা সংবিধান প্ৰস্তুত কৰিবলৈ এখন সমিতি গঠন কৰা বুলি জানিবলৈ দি বড়োৱে আৰু কয়- অহা ১১ ডিচেম্বৰত গুৱাহাটীত দুদিনীয়াকৈ এখন ৰাজ্যিক পৰ্যায়ৰ অভিবৰ্ত্তন অনুষ্ঠিত কৰি সকলো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে, ইতিমধ্যে সমগ্ৰ ৰাজ্যখনৰ প্ৰায় ২২ খন প্ৰশাসনিক জিলাত এই সংগঠনটোৱে নিজৰ একোখনকৈ জিলা সমিতি গঠন প্ৰক্ৰিয়া সমাপ্ত কৰিছে আৰু আগন্তুক দিনত বাকী থকা জিলা সমূহতো সমিতি গঠন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

আজিৰ এই সভাতেই নগাঁও জিলা সমিতিৰ সভাপতি হিচাপে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মুকুল বৰা দায়িত্ব অৰ্পণ কৰাৰ লগতে জিতুমণি বৰা,উৎপল বৰা, পংকজ ডেকাক কাৰ্যকৰী সভাপতি আৰু বিদ্যাসাগৰ কাকতি,পংকজ হাজৰিকা আৰু পদুম মুক্তিয়াৰক সাধাৰণ সম্পাদক হিচাপে লৈ ৫২ জনীয়া জিলা সমিতি গঠন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in