ধেমাজি জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ

স্বৈৰাচাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অবৈধ ভূমি হস্তগতৰ প্ৰতিবাদত বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দেশতকৈ মামী ডাঙৰ নহয় শীৰ্ষক প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে ধেমাজি জিলা কংগ্ৰেছৰ কৰ্মীসকলে ৷

author-image
Asomiya Pratidin
New Update
101

ডিজিটেল সংবাদ , ধেমাজি : স্বৈৰাচাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অবৈধ ভূমি হস্তগতৰ প্ৰতিবাদত বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দেশতকৈ মামী ডাঙৰ নহয় শীৰ্ষক প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে ধেমাজি জিলা কংগ্ৰেছৰ কৰ্মীসকলে ৷ প্ৰায় আধা ঘণ্টাতকৈ অধিক সময় ধৰি হোৱা উত্তাল প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্তত এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷

জিলা কংগ্ৰেছৰ সভাপতি তিলক ফুকন, প্ৰদেশ কংগ্ৰেছৰ সম্পাদকদ্বয় শৈলেন সোণোৱাল আৰু দেৱ চেতিয়া , প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক ৰজনী কাৰ্দঙকে ধৰি বিষয়ববীয়াসকলে স্বৈৰাচাৰী মুখ্যমন্ত্ৰীৰ অবাধ দুৰ্নীতি সম্পৰ্কে 
উদঙাই বক্তব্য প্ৰদান কৰে ৷

ধেমাজি