Advertisment

ইম্ফলত ৰাষ্ট্ৰীয় পতাকা উন্মোচন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যৱাহ শ্ৰী দত্তাত্ৰেয় হোছাবলেৰ

পশ্চিম ইম্ফলৰ ভাস্কৰ প্ৰভাত ত্ৰিৰংগা উন্মোচন কৰি হোছাবলেয়ে এক প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। তেওঁ নিজ ভাষণত ভাৰতীয় নাগৰিকৰ একতা, সংস্কৃতি আৰু দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

author-image
Asomiya Pratidin
New Update
dfdfdf

ডিজিটেল সংবাদ,ইম্ফল: দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত মণিপুৰৰ ৰাজধানী ইম্ফলত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যৱাহ শ্ৰী দত্তাত্ৰেয় হোছাবলেয়ে। পশ্চিম ইম্ফলৰ ভাস্কৰ প্ৰভাত ত্ৰিৰংগা উন্মোচন কৰি হোছাবলেয়ে এক প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। তেওঁ নিজ ভাষণত ভাৰতীয় নাগৰিকৰ একতা, সংস্কৃতি আৰু দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Advertisment

বিশাল হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈকে বিস্তৃত ভূমিৰ বাসিন্দা সকলৰ পৱিত্ৰ পৰিচয় ভাৰতীয় বুলি সোঁৱৰাই দি ৰাষ্ট্ৰীয় একতাৰ ভাৱধাৰাক শক্তিশালী কৰাৰ বাবে তেওঁ দৃঢ়তাৰে আহ্বান জনায়। ভাৰতৰ সংবিধানত সংপৃক্ত গভীৰ সাংস্কৃতিক সাৰাংশৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে, ইয়াৰ চিত্ৰ আৰু লিখনিসমূহে ৰাষ্ট্ৰৰ সমৃদ্ধ ঐতিহ্যক প্ৰতিফলিত কৰে।

শ্ৰী হোছাবলেয়ে ভাৰতীয় ইতিহাসৰ মহান ব্যক্তিসকলৰ জীৱনৰ প্ৰসংগ উল্লেখ কৰি মৌলিক কৰ্তব্যৰ ওপৰত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায়। এই প্ৰসংগতে তেওঁ ভগৱান ৰামৰ কাহিনী উল্লেখ কৰে, যিয়ে মৌলিক কৰ্তব্য পালনৰ বাবে নিজৰ মৌলিক অধিকাৰ সিংহাসন ত্যাগ কৰি ১৪ বছৰ বনবাস খাটিছিল।

তেওঁ কয় যে এয়া অধিকাৰৰ ওপৰত কৰ্তব্যক প্ৰাধান্য দিয়াৰ স্পষ্ট উদাহৰণ। ৰজা হৰিশচন্দ্ৰৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, সত্যৰ প্ৰতি অটল আস্থা ৰাখি ৰজা হৰিশচন্দ্ৰ‌ই অমানুষিক কষ্ট সহ্য কৰিছিল। ৰজা হৰিশ্চন্দ্ৰৰ কাহিনীয়ে আমাৰ ৰাষ্ট্ৰৰ মূলমন্ত্র "সত্যমেৱ জয়তে" ক প্ৰতিফলিত কৰে।

বসুধৈব কুটুম্বকম (বিশ্ব এক পৰিয়াল) নীতিৰ দ্বাৰা অনুপ্ৰাণিত ভাৰতৰ অস্তিত্ব বিশ্বৰ কল্যাণৰ বাবেই বুলি মন্তব্য কৰি তেওঁ নাগৰিকসকলক ৰাষ্ট্ৰখনক শক্তিশালী আৰু বিকশিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ই কেৱল দায়িত্ব‌ই নহয়, প্ৰতিজন ভাৰতীয়ৰ মৌলিক কৰ্তব্যও। 

সামৰণিত শ্ৰী হোছাবলেয়ে গণতন্ত্ৰৰ পবিত্ৰতা বজাই ৰাখিবলৈ, ৰাষ্ট্ৰৰ অখণ্ডতা আৰু একতা ৰক্ষা কৰিবলৈ আৰু এই মূল্যবোধসমূহ পৰৱৰ্তী প্ৰজন্মৰ মাজতো থকাটো নিশ্চিত কৰিবলৈ অক্লান্ত প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে এই ৭৬ সংখ্যক গণৰাজ্য দিৱসত সকলোকে প্ৰতিজ্ঞা ল'বলৈ আহ্বান জনায়।

ভাস্কৰ প্ৰভাত গণৰাজ্য দিৱস উদ্‌যাপনৰ অনুষ্ঠানত অনুৰণিত হয় দেশ প্ৰেমৰ অনন্য নজিৰ। আকাশত উৰি থকা ৰাষ্ট্ৰীয় পতাকা আৰু বন্দে মাতৰ‌ম্ ধ্বনিৰ অপূৰ্ব সংমিশ্ৰণে উপস্থিত সকলোৰে মন আহ্লাদিত কৰে।

ইম্ফল