শিলচৰতো ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ

বিভিন্ন ট্ৰেড আৰু শ্ৰমিক ইউনিয়নে বুধবাৰে পুৱা ৫ বজাৰ পৰা আহ্বান দিয়া ২৪ ঘণ্টীয়া চকা বন্ধৰ প্ৰভাৱ শিলচৰতো ব্যাপকভাৱে পৰিছে

author-image
Asomiya Pratidin
New Update
347

ডিজিটেল সংবাদ, শিলচৰ : বিভিন্ন ট্ৰেড আৰু শ্ৰমিক ইউনিয়নে বুধবাৰে পুৱা ৫ বজাৰ পৰা আহ্বান দিয়া ২৪ ঘণ্টীয়া চকা বন্ধৰ প্ৰভাৱ শিলচৰতো ব্যাপকভাৱে পৰিছে । পুৱাৰে পৰা ধৰ্মঘটকাৰীসকলে  শিলচৰ চহৰৰ বিভিন্ন পথত পথ অৱৰোধ গঢ়ি বন্ধ‌ সফল কৰিবলৈ চেষ্টা চলায়।

Advertisment

ফলত ব্যৱসায়িক যান-বাহনৰ চলাচল একেবাৰে বন্ধ হৈ পৰে। আনকি জৰুৰী কাম আৰু চৰকাৰী - বেচৰকাৰী কাৰ্যালয়লৈ অহা কৰ্মচাৰীসকলৰ যান-বাহনসমূহকো বাধা প্ৰদান কৰি ওভতাই পঠিয়াই আন্দোলনকাৰীসকলে।‌ শিলচৰ চহৰৰ অতি ব্যস্ত ক্লাবৰোড, চেন্ত্ৰেল ৰোড আদি স্থানত পথ অৱৰোধ গঢ়ি তোলাত সমস্যাত পৰে সাধাৰণ লোকসকল।  

জিলা আয়ুক্ত কাৰ্যালয়, আদালতসহ বিভিন্ন চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীসকলক প্ৰৱেশত বাধা দিয়ে আন্দোলনকাৰীসকলে।‌ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো কেইবাটাও সংগঠননে বিক্ষোভ প্ৰদৰ্শন কৰে।

শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সংগঠন কেইটাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে।‌ বন্ধৰ ফলত সৰহসংখ্যক চৰকাৰী কাৰ্যালয়তে কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা হয়।

কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে চৰকাৰী কাম -কাজ স্থবিৰ হৈ পৰে। সৰহ সংখ্যক শিক্ষানুষ্ঠানতো শিক্ষক আৰু ছাত্ৰ - ছাত্ৰী নথকা বাবে পাঠদান বন্ধ হৈ পৰে। অৱশ্যে, তাৰাপুৰত থকা কেন্দ্ৰীয়‌ বিদ্যালয়ত স্বাভাবিকভাৱেই পাঠদান চলে।

ইফালে, ক্লাবৰোডত অৱৰোধ গঢ়ি তোলা পিকেটাৰসকলক শেষত আটক কৰে আৰক্ষীয়ে। সেইদৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আন্দোলন কৰা পিকেটাৰ সকলোকো আৰক্ষীয়ে আটক কৰি লৈ‌ যায় । অৱশ্যে আন্দোলনৰ সময়ছোৱাত কোনো ঠাইত অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই। 

শিলচৰ