/asomiyapratidin/media/media_files/2025/05/18/sm7yzMH2u1axoxtLbVVh.png)
ডিজিটেল ডেস্ক : ভাৰতৰ সৈতে পাকিস্তানৰ হোৱা সংঘাতৰ মাজতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আই এম এফে পাকিস্তানক ঋণ আগবঢ়োৱাক লৈ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিৰ মাজতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে পাকিস্তানক বান্ধি দিলে কেইবাটাও চৰ্ত ।
অতি শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে পাকিস্তানৰ বাবে পৰৱৰ্তী কিস্তি মুকলি কৰাৰ বাবে ১১ টা নতুন চৰ্ত আৰোপ কৰিছে । কেৱল এয়াই নহয়, চৰ্ত পূৰণ নকৰিলে পৰৱৰ্তী কিস্তি মুকলি নকৰাৰো সকীয়নি প্ৰদান কৰিছে আইএমএফে ।
পাকিস্তানৰ ওপৰত জাৰি কৰা নতুন চৰ্তসমূহৰ ভিতৰত আছে ১৭.৬ ট্ৰিলিয়ন পুঁজিৰ নতুন বাজেটত সংসদীয় অনুমোদন। একেদৰে বিদ্যুতৰ বিলৰ ঋণ পৰিশোধৰ ছাৰ্চাৰ্জ বৃদ্ধি আৰু ৩ বছৰতকৈ অধিক পুৰণি ব্যৱহৃত বাহন আমদানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ ।
উল্লেখযোগ্য যে, এক্সপ্ৰেছ ট্ৰিবিউনৰ মতে আই এম এফে পাকিস্তানৰ ওপৰত নতুন ১১ টা চৰ্ত আৰোপ কৰি মুঠ চৰ্ত ৫০ টালৈ বৃদ্ধি কৰিছে । ইয়াৰ দ্বাৰা ২০২৫ চনৰ জুনৰ শেষৰ ফালে প্ৰগ্ৰামৰ লক্ষ্য পূৰণৰ বাবে আই এম এফৰ কৰ্মচাৰীৰ চুক্তি অনুসৰি ২০২৬ চনৰ বিত্তীয় বৰ্ষৰ বাজেটৰ সংসদীয় অনুমোদন লাভ কৰাৰ নতুন চৰ্ত আৰোপ কৰা হৈছে ।
আই এম এফৰ প্ৰতিবেদনত উন্নয়ন ব্যয়ৰ বাবে ১.০৭ ট্ৰিলিয়ন টকাকে ধৰি ফেডাৰেল বাজেটৰ মুঠ পৰিমাণ ১৭.৬ ট্ৰিলিয়ন টকা বুলি প্ৰকাশ পাইছে । নতুন চৰ্ত অনুসৰি, য'ত চাৰিটা ফেডাৰেটিং ইউনিটে নতুন কৃষি আয়কৰ আইনসমূহ এক বিস্তৃত পৰিকল্পনাৰ জৰিয়তে কাৰ্যকৰী কৰিব।
একেদৰে ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ, কৰদাতা চিনাক্তকৰণ আৰু পঞ্জীয়নৰ বাবে এক কাৰ্যকৰী যোগসূত্ৰ স্থাপন তথা উন্নয়ন পৰিকল্পনা আদি অন্তৰ্ভুক্ত কৰা হৈছে এই চৰ্তাৱলীত । আন এটা নতুন চৰ্তত উল্লেখ আছে যে, চৰকাৰে ২০২৮ চনৰ পৰা প্ৰতিষ্ঠানিক আৰু নিয়ন্ত্ৰণমূলক পৰিৱেশৰ ৰূপৰেখা দাঙি ধৰি ২০২৭ চনৰ পিছৰ বিত্তীয় খণ্ডৰ কৌশলৰ ৰূপৰেখা প্ৰস্তুত কৰিব লাগিব ।
ইফালে শক্তি খণ্ডতো চাৰিটা নতুন চৰ্ত আৰোপ কৰা হৈছে । শক্তি শুল্ক খৰচ আদায়ৰ বাবে চৰকাৰে চলিত বৰ্ষৰ ১ জুলাইৰ ভিতৰত বাৰ্ষিক বিদ্যুৎ শুল্ক পুনৰ নিৰ্ধাৰণ কৰাৰ অধিসূচনা জাৰি কৰিব ।
আই এম এফয়ে এই বুলিও চৰ্ত আৰোপ কৰিছে যে, ২০৩৫ চনৰ ভিতৰত বিশেষ প্ৰযুক্তি মণ্ডল আৰু অন্যান্য ঔদ্যোগিক মণ্ডলৰ সম্পৰ্কত সকলো প্ৰৰোচনা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। ইয়াৰ বাবে পাকিস্তানে মূল্যায়নৰ ভিত্তিত পৰিকল্পনা প্ৰস্তুত কৰিব । এই বছৰৰ শেষৰ ফালে প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us