আকৌ আহিব এজাক বৰষুণ ! লৈ আহিব সেমেকা শীত...

winter
winter

ডিজিটেল ডেস্কঃ শৰতৰ আগমণৰ লগে লগে সেমেকা শীতৰো আগমণ ঘটিল। প্ৰখৰ গ্ৰীষ্ম প্ৰবাহৰ পৰা সৰ্বসাধাৰণক পৰিত্ৰাণ দিবলৈ ধৰালৈ নামিছে ধীৰে ধীৰে নামিছে শীত। অৱশ্যে পূৰ্বৰ তুলনাত এই পৰ্যন্ত শীতৰ প্ৰকোপ বহু কম।

শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ পৰিৱৰ্তন সম্পৰ্কে এক জাননী জাৰি কৰিছে। এই জাননী অনুসৰি আগন্তুক দিন কেইটাত কেইবাখনো ৰাজ্যলৈ শীত নামিব। ধাৰাষাৰ বৰষুণৰ সৈতে আহিবলগীয়া এই শীতে এতিয়াও গৰমৰ প্ৰকোপ সহ্য কৰি থকা কেইবাখনো ৰাজ্যৰ নাগৰিকক সকাহ প্ৰদান কৰিব।

দিপাৱলীৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণৰ স্তৰ বৃদ্ধি পালে। একেৰাহে চতুৰ্থটো দিনৰ বাবেও দিল্লীৰ বহু অঞ্চলত বায়ুৰ মানদণ্ড অতি নিম্নস্তৰৰ হৈ থাকিল। ইয়াৰ পৰিৱৰ্তে বতৰৰ স্বাভাৱিক পৰিৱৰ্তনৰ বাবে উত্তৰ প্ৰদেশ, বিহাৰৰ লোকসকলে দিপাৱলীৰ পৰাই শীত অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে।

দিপাৱলীৰ সময়তে অহা সামুদ্ৰিক ঘূৰ্ণী বতাহ ছিট্ৰাঙৰ প্ৰভাৱৰ বাবেই ইতিমধ্যে পশ্চিম বংগ, অসম তথা উত্তৰ পূৰ্বাঞ্চলত পাতলৰ পৰা ধাৰাষাৰ বৰষুণ অহাৰ পিছত এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ পাতলৰ পৰা ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। অৱশ্যে এই সময়ত বহু কেইখন ৰাজ্য শুকান হৈ থাকিব।

পশ্চিম বংগ আৰু অসমৰ উপৰিও, বতৰ বিজ্ঞান বিভাগে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহতো বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। এই সপ্তাহান্তত তামিলনাডুৰ পৰা কেৰালালৈ পাতলৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

একে সময়তে, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ দৰে পাহাৰীয়া অঞ্চলত অতিপাত তুষাৰপাত হোৱাৰ আশংকা কৰা হৈছে। পৰৱৰ্তী৭ দিনৰ বাবে হিমালয় অঞ্চলত বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে। যাৰ বাবে উত্তৰ ভাৰতত তাপমাত্ৰা হ্ৰাস পাব।

বতৰ বিজ্ঞান বিভাগে ২৯ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ তামিলনাডু, পুডুচেৰী, কৰাইকালত পাতলৰ পৰা মধ্যমীয়া বৰষুণ, ৩০ আৰু ৩১ অক্টোবৰত কেৰালাত ধাৰাসাৰ বৰষুণ আৰু অন্ধ্ৰ প্ৰদেশত ৩১ অক্টোবৰত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। একেদৰে পশ্চিম বংগ, অসম আৰু ছিকিমতো সপ্তাহাটোৰ শেষত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in