/asomiyapratidin/media/media_files/2025/05/17/sk09bQGr8CrS4ThcU9At.jpg)
আগন্তুক ৫দিনলৈ দেশত ধাৰাষাৰ বৰষুণ, কেনে থকিব অসমৰ বতৰ?
ডিজিটেল ডেস্কঃ আগন্তুক পাঁচ দিনত দেশৰ হ'ব ধাৰাষাৰ বৰষুণ। আইএমডিৰ বিজ্ঞানী অখিল শ্ৰীবাস্তৱে সদৰি কৰা অনুসৰি দক্ষিণ ভাৰতৰ বিশেষকৈ তামিলনাডু, কেৰালা, আৰু কৰ্ণাটক ৰাজ্যত অহা পাঁচ দিনলৈ ধাৰাবাহিকভাৱে বৰষুণ হ’ব। বৰষুণৰ সমান্তৰালভাৱে আহিব প্ৰচণ্ড ধুমুহা। মধ্য ভাৰততো একেধৰণৰ বতৰৰ হোৱাৰ সম্ভাৱনা আছে।
ইফালে উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশত অনাগত দিনত বজ্ৰপাতৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে শ্ৰীবাস্তৱে। আনহাতে উত্তৰ-পূবাঞ্চলটো অহা পাঁচ দিনলৈ বৰষুণ অব্যাহত থাকিব। অৱশ্যে পূব ভাৰতত বিশেষকৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আদি ৰাজ্যত বতৰ গৰম আৰু আৰ্দ্ৰ হৈ থাকিব বুলি ধাৰণা কৰা হৈছে।
অৱশ্যে, ৰাজধানী দিল্লীৰ বাসিন্দাসকলে হয়তো এইকেইটা দিনত গৰমৰ পৰা কিছু সকাহ পাব পাৰে। আজিৰ পৰা কাইলৈৰ সন্ধিয়ালৈ ​​দিল্লীত পাতল বৰষুণৰ সম্ভাৱনা আছে। উত্তৰৰ ভাৰতৰ কেইবাখনো ৰাজ্যত গৰমৰ ঢৌক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে বতৰৰ এই পৰিৱৰ্তন ঘটিছে।
উল্লেখযোগ্য যে, বিগত দিনকেইটাত উত্তৰ প্ৰদেশৰ মোৰাদাবাদত বৃদ্ধি পোৱা উষ্ণতাৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। জ্যেষ্ঠ পৰামৰ্শদাতা চিকিৎসা ভি সিঙে উল্লেখ কৰে যে, চিকিৎসালয়ত ভৰ্তি হৈ থকা শিশুসকল টাইফয়েড, জ্বৰ, ঢিলা গতি, চৰ্দি, কাহ আদি ৰোগত আক্ৰান্ত হৈছে।