ডিজিটেল সংবাদ, শিলচৰ: নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰৰ জয়পুৰ আৰক্ষীয়ে জব্দ কৰিছে চাৰি কিলো গ্ৰাম নিচাজাতীয় সামগ্ৰী । গোপন সূত্ৰৰ ভিত্তিত জয়পুৰ থানাৰ আৰক্ষীয়ে কনকপুৰ প্ৰথম খণ্ডত এখন ই-ৰিক্সাত তালাচী চলাই জব্দ কৰে নিচাজাতীয় দ্ৰব্য ।
বিক্ৰীৰ বাবে নিয়াৰ সময়তে আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় দ্ৰব্য । দ্ৰব্যখিনি সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ইৰিক্সা খনৰ চালকবিক্ৰম সিংহ নামৰ এজনক গ্ৰেপ্তাৰ কৰে। ধৃত বিক্ৰম সিংহৰ ঘৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত শ্ৰীপুল লালঙত বুলি সদৰী কৰিছে আৰক্ষীয়ে।