ঢকুৱাখনাত আবকাৰী বিভাগৰ অভিযানঃ চুলাই ভাটি উচ্ছেদ

ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ বিষয়া পৰাগ চেতিয়াৰ নেতৃত্বত ঢকুৱাখনা আৰক্ষীৰ সহযোগত দিনজুৰি চলোৱা চুলাই ভাটি  উচ্ছেদ অভিযান কালত এনেদৰে অব্যাহত ৰখা প্ৰায় ৫২ লিটাৰ চুলাইৰ লগতে প্ৰায় ৫২০ লিটাৰ চুলাই প্ৰস্তুত কৰা 'পাজ' থলীতে বিনষ্ট কৰে ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
cv

ডিজিটেল সংবাদ, ঢকুৱাখনা: কি সৰিয়হতলী ,কি পথাৰ, কি ঘৰ, কি বাৰী সকলোতে উভৈনদী নিষিদ্ধ চুলাই। ঢকুৱাখনাৰ সৰ্বত্ৰতে গা কৰি উঠা নিষিদ্ধ চুলাই বেহা উৎখাত কৰাৰ ব্যাপক অভিযান চলাই আহিছে । ঢকুৱাখনা আবকাৰী চক্ৰৰ এনে সবল স্থিতিকো প্ৰত্যাহ্বান জনাই বহু সংখ্যক চুলাই বেপাৰীয়ে নতুন কৌশল ৰচনা কৰি এই গোপন বেহা অব্যাহত ৰাখিছে।

ঘৰ-বাৰীৰ পাছত এইবাৰ এনেবোৰ চতুৰ চুলাই বেপাৰীযে সৰিয়হৰ খেতিৰ মাজত লুকুৱাই আৰম্ভ কৰিছে এই বেহা। এনে চতুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে মঙলবাৰে অভিযান চলাই আবকাৰী বিভাগে। ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ বিষয়া পৰাগ চেতিয়াৰ নেতৃত্বত ঢকুৱাখনা আৰক্ষীৰ সহযোগত দিনজুৰি চলোৱা চুলাই ভাটি উচ্ছেদ অভিযান কালত এনেদৰে অব্যাহত ৰখা প্ৰায় ৫২ লিটাৰ চুলাইৰ লগতে প্ৰায় ৫২০ লিটাৰ চুলাই প্ৰস্তুত কৰা 'পাজ' থলীতে বিনষ্ট কৰে ।

অভিযানকাৰী দলটোৱে ঘাৰমৰা, কঁঠালগুৰি মিচিং গাঁও, মদাৰগুৰি গৰৈমাৰি চাপৰি, গন্ধিয়া মিচিং গাঁও , বাটমাৰী , থেকেৰাগুৰি মিচিং গাঁও , ঘিলামৰা জালভাৰী, উজনি ফুকন গাঁও, ধেনুখণা চিৰিং গাঁও,চিৰিং গাঁও ,নৈ চুক আদি গাঁওত অভিযান চলাই প্ৰায় ৭টা চুলাই ভাটী উচ্ছেদ কৰাৰ লগতে নিষিদ্ধ চুলাই প্ৰস্তুত কৰা সঁজুলি থলীতে বিনষ্ট কৰে ।

ঢকুৱাখনা