/asomiyapratidin/media/media_files/2024/12/13/FQArZNtOk5o7BwAA6nH3.jpg)
ডিজিটেল ডেস্কঃনগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ বৰবাৰীত যোৱা নিশা অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলাই। পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন মনি মচৰঙৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীৰ দলে বৰবাৰীৰ জীৱন কলিতাৰ দোকানত অভিযান চলাই বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে আৰক্ষীয়ে অবৈধভাৱে মজুত কৰি ৰখা সুৰা খিনি জব্দ কৰে যদিও অভিযানৰ উমান লাভ কৰি জীৱন কলিতাই পলায়ন কৰে। পুৰণিগুদাম আৰক্ষীয়ে জব্দ কৰা অবৈধ সুৰাখিনি পাছত আবকাৰী বিভাগক চমজাই দিয়ে ।