মণিপুৰত বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ জব্দঃ গ্ৰেপ্তাৰ ৩ জন

অভিযানত পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফলৰ ৫০ টা,12 এম এম ৰ ১০টা,7.62 এম এম AKৰ ৬১ টা,সক্ৰিয় গুলি আৰু ৪ টা হেণ্ড গ্ৰেনেড সহ বুজণ সংখ্যক গুলি আৰু বিস্ফোৰক উদ্ধাৰ কৰে।‌

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত পুনৰ বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ গুলি আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। লগতে তিনিজন চোৰাং অস্ত্ৰ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।
 
কাংপোকপি আৰু পশ্চিম ইম্ফল জিলাৰ চাৰি স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বৃহৎ সংখ্যক অবৈধ মাৰণাস্ত্ৰ,গুলি আৰু বিস্ফোৰক উদ্ধাৰ কৰে। কাংপোকপি জিলাৰ টিংকাই খুলেন, মাওহিং আৰু চাংগৌবুং গাঁৱত অভিযান চলাই ১ টা M16 ৰাইফল, মেগজিন সহ ১টা ইনছাছ ৰাইফল,১টা  M.A1 এছাল্ট ৰাইফল,১টা 303 ৰাইফল,মেগজিন সহ ১টা পইন্ট থ্ৰি জিৰো থ্ৰি পিষ্টল,  ভাবে নিৰ্মাণ কৰা ৪ টা স্থানীয় ৰাইফল, ২ টা কেনন পম্পি, ১ টকা স্নিপাৰ ৰাইফল, ৭ টা চিংগল বেৰেল ৰাইফল, ৪ টা বল্ট একচন ৰাইফল,৬ টা পুল মেচ্চ ৰাইফল সহ অন্য কেইবাটাও অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হয়।

Advertisment

একে অভিযানত পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফলৰ ৫০ টা,12 এম এম ৰ ১০টা,7.62 এম এম AKৰ ৬১ টা,সক্ৰিয় গুলি আৰু ৪ টা হেণ্ড গ্ৰেনেড সহ বুজণ সংখ্যক গুলি আৰু বিস্ফোৰক উদ্ধাৰ কৰে।‌ ইফালে, পশ্চিম ইম্ফল জিলাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে তিনিজন চোৰাং অস্ত্ৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ‌ লগতে 
অস্ত্ৰ ব্যৱসায়ী কেইজনৰ‌ পৰা যথেষ্ট সংখ্যক বিভিন্ন মাৰণাস্ত্ৰৰ সক্ৰিয় গুলি জব্দ কৰে। 

ধৃত অস্ত্ৰ ব্যৱসায়ী কেইজন কনছাম উত্তম সিংহ,নাগনম ৰোহিত সিংহ আৰু থিংগুইজাম ডেভিদ সিংহ।
তেওঁলোকৰ পৰা INSAS ৰাইফলৰ ৭০টা,২৬ টা গুলি ভৰ্তি AK ৰাইফলৰ এটা মেগজিন, .38 এম এমৰ ১০০ টা সক্ৰিয় গুলি, INSAS LMGৰ‌ ২ টা খালী মেগজিন সহ বৃহৎ সংখ্যক গুলি জব্দ কৰে।

মণিপুৰ