মণিপুৰত পুনৰ অবৈধ মাৰণাস্ত্ৰ জব্দ, ধ্বংস কেইবা একৰ মাটিৰ আফিং খেতি

অশান্তজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে।‌ কাংপকপি জিলাৰ টিংকাই খুলেন এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অবৈধ  মাৰণাস্ত্ৰ জব্দ কৰিছে

author-image
Asomiya Pratidin
New Update
Xvbf

ডিজিটেল সংবাদ, শিলচৰ : অশান্তজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে।‌ কাংপকপি জিলাৰ টিংকাই খুলেন এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অবৈধ  মাৰণাস্ত্ৰ জব্দ কৰিছে। 

SXBG

অভিযানকালত মেগজিনৰ সৈতে ১টা ৯ এম এম কাৰ্বাইন মেচিন গান (চিএমজি), ১টা ছিংগল বল্ট স্নাইপাৰ ৰাইফল, মেগজিনযুক্ত ১টা নাইন এম এম পিষ্টল, ১টা হেণ্ড গ্ৰেনেড, ২টা টিউব লঞ্চাৰ, নাইন এম এমৰ দুটা সজীৱ গুলিসহ বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে। আনহাতে ৰাজ্যখনৰ সেনাপতি, উখ্ৰল, ছান্দেলসহ বিভিন্ন জিলাত আফিং খেতিৰ বিৰুদ্ধেও অভিযান চলাই নিৰাপত্তা বাহিনী তথা বন বিভাগ আৰু প্ৰশাসনে।  

yhk

আফিং খেতিৰ বিৰুদ্ধে অভিযান চলাই কেইবা শ একৰ ভূমিত লগোৱা আফিং খেতি নষ্ট কৰে। উখ্ৰল জিলাত আফিংৰ খেতিৰ সৈতে জড়িত দুজন কুকি লোককো গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে।

manipur