মণিপুৰত পুনৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

কাকছিং জিলাৰ টকপাছিং মাৰখঙত মিজোৰাম -কাছাৰ ফ্ৰন্টিয়াৰ বি এছ এছ এফ, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰিছে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ।

author-image
Asomiya Pratidin
New Update
মণিপুৰত পুনৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। কাকছিং জিলাৰ টকপাছিং মাৰখঙত মিজোৰাম -কাছাৰ ফ্ৰন্টিয়াৰ বি এছ এছ এফ, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰিছে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ।

Advertisment

উল্লেখযোগ্য যে, এই অভিযানত কেইবাটাও বৃহৎ বন্দুক, ৰাইফল, আই ই ডি, বুজণ পৰিমাণৰ সক্ৰিয় গুলি আৰু গ্ৰেণেডসহ বহুতো মাৰণাস্ত্ৰ জব্দ কৰা হৈছে। ইয়াৰোপৰি বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। 

manipur