পৰ্বতঝোৰাত আৰক্ষীৰ অভিযানত শাল কাঠসহ আটক এজনঃ টুমিত ৰাভাৰ নেতৃত্বত কাঠৰ ছেণ্ডিকেট চলাৰ অভিযোগ

অব্যাহত আছে ৰূপচী সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাং কাঠৰ অবৈধ সৰবৰাহ। শেহতীয়াকৈ আৰক্ষীৰ হাতত চোৰাং কাঠৰ সৈতে সৰবৰাহকাৰী আটক হোৱাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য। 

author-image
Asomiya Pratidin
New Update
পৰ্বতঝোৰাত আৰক্ষীৰ অভিযানত শাল কাঠসহ আটক এজনঃ টুমিত ৰাভাৰ নেতৃত্বত কাঠৰ ছেণ্ডিকেট চলাৰ অভিযোগ

ডিজিটেল সংবাদ পৰ্বতঝোৰাঃ অব্যাহত আছে ৰূপচী সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাং কাঠৰ অবৈধ সৰবৰাহ। শেহতীয়াকৈ আৰক্ষীৰ হাতত চোৰাং কাঠৰ সৈতে সৰবৰাহকাৰী আটক হোৱাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য। 

Advertisment

উল্লেখ্য যে, ৰূপচী সংৰক্ষিত বনাঞ্চলৰ পৰা অপৈনত শাল কাঠৰ কুণ্ডা ভৰ্তি কৰি হস্তনির্মিত(ঠেৰ ঠেৰী)বাহনৰে তামাহাটৰ জয়গুৰু অঞ্চললৈ সৰবৰাহ কৰাৰ সময়তে  লাল মাটিত ৰূপচী আৰক্ষীয়ে অভিযান চলাই কাঠ ভৰ্তি বাহনসহ জব্দ কৰে। আটক কৰে ৰেজাউল ইছলাম নামৰ চালক এজনক। 

ইফালে চোৰাং কাঠ সৰবৰাহ কৰা এই লোকজনক আটক কৰাৰ পিছতে পোহৰলৈ আহিছে অঞ্চলটোত গঢ়ি উঠা এই গোটেই চোৰাং কাঠ সৰবৰাহৰ ছিণ্ডিকেট চক্ৰটোৰ বিষয়ে। আটকাধীন ৰেজাউল ইছলামৰ পত্নীয়ে অভিযোগ কৰা মতে চেঁচাপানী এলেকাৰ টুমিত ৰাভা নামৰ এগৰাকী ব্যক্তিয়ে এই চোৰাং কাঠ সৰবৰাহৰ বাবে বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰাৰ বাবে ধন সংগ্ৰহ কৰি আহিছে। তেওঁৱেই গোটেই ছিণ্ডিকেট চলাই আহিছে।

স্বামীক আটক কৰাৰ পিছতে মহিলাগৰাকীয়ে এতিয়া চোৰাং কাঠৰ অবৈধ সৰবৰাহৰ ছিণ্ডিকেটৰ নেতৃত্ব দিয়া টুমিত ৰাভাকো গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে। অভিযোগ অনুসৰি টুমিত ৰাভা নামৰ এই লোকজনে নিজেই এটা অবৈধ কাঠ ফলা মিলৰ চলাই আহিছে। এইদৰে তেওঁ বন ধংসযজ্ঞ চলাই থকাৰ পিছতো নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আহিছে পৰ্বতঝোৰাৰ বন বিভাগ। 

ইফালে জব্দ হোৱা অবৈধ আৰু চোৰাং কাঠখিনিৰ সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি মঙ্গলাঝোৰা মাটিয়াবগ অঞ্চলৰ জালাং নামৰ ব্যক্তিগৰাকীয়ে তামাহাটৰ জয়গুৰু অঞ্চলৰ সূৰ্য্য নামৰ ব্যক্তিগৰাকীক এই অপৈণত শাল কাঠখিনি বিক্ৰী কৰিছিল। সেই কাঠখিনিকে কঢ়িয়াই আনিছিল ৰেজাউল ইছলামে।

এতিয়া প্ৰশ্ন হয় পৰ্বতঝোৰাত বিয়াগোম বন বিভাগ থকাৰ পিছতো কাৰ্যালয় সন্মুখৰে নিতৌ কেনেকৈ এই অবৈধ বাহনসমূহ পাৰ পাৰ কৰি আছে? সংৰক্ষিত বনাঞ্চল ৰক্ষা কৰা ক্ষেত্ৰত পৰ্বতঝোৰা বন বিভাগ সম্পূৰ্ণৰূপে ব্যর্থ হোৱাত চিন্তিত হৈ পৰিছে সচেতন মহল।

চোৰাং গৰু সৰবৰাহকাৰী চোৰাং কাঠ পৰ্বতঝোৰা