বন বিভাগৰ অভিযানত আইৰকাটাত জব্দ অবৈধ কাঠফলা মিল...

বন বিভাগৰ লোকৰ উপস্থিতিৰ খবৰ পাই পলায়ন কৰে অবৈধ কাঠফলা মিলৰ মালিক। দীৰ্ঘদিনৰ পৰাই দুৰ্গম অঞ্চলৰ সুযোগ লৈ চোৰাং কাঠৰ বেপাৰীয়ে অবৈধ ভাৱে চলাই গৈছিল মিল দুটা।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ধুবুৰীঃ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে সফল অভিযান ধুবুৰী বন বিভাগৰ । দেওবাৰে ধুবুৰী বন বিভাগৰ অধীনস্থ ধুবুৰীৰ ৰেঞ্জাৰ ছফিকুৰ ৰহমান আৰু ধুবুৰী ফৰেষ্ট প্ৰটেকচন ফোৰ্চৰ ভাৰপ্ৰাপ্ত ৰেঞ্জাৰ জীৱেশ ৰায়ৰ নেতৃত্বত বন বিভাগৰ এটি দলে  ফকীৰগঞ্জৰ আইৰকটা বজাৰত অবৈধ কাঠৰ চোৰাং বেপাৰী আৰু কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়। 

অভিযানত বন বিভাগৰ দলটোৱে দুটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰে।ইপিনে বন বিভাগৰ লোকৰ উপস্থিতিৰ খবৰ পাই পলায়ন কৰে অবৈধ কাঠফলা মিলৰ মালিক। দীৰ্ঘদিনৰ পৰাই দুৰ্গম অঞ্চলৰ সুযোগ লৈ চোৰাং কাঠৰ বেপাৰীয়ে অবৈধ ভাৱে চলাই গৈছিল মিল দুটা।

অবৈধ কাঠ