পুনৰ বেদখল আমচাং অভয়াৰণ্যত

পুনৰ বেদখল আমচাং অভয়াৰণ্যত

ডিজিটেল ডেস্ক :  প্ৰশাসনৰ সকিয়নিৰ পাছতো বেদখল অব্যাহত আছে আমচাং অভয়াৰণ্যত ।  বিভিন্ন সংবাদ মাধ্যমে সময়ে সময়ে এই বেদখলৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰি অহাৰ পাছতো এই সন্দৰ্ভত উদাস মহানগৰ আৰক্ষী । যাৰ ফলস্বৰূপেই আজিও চলি আছে আমচাং অভয়াৰণ্যৰ ইক' চেনচিটিভ জ'নত অবাধ পাহাৰ খনন ।  ইয়াৰ উপৰিও, অভয়াৰণ্যৰ ভূমি বেদখল কৰি পকী পোষ্ট পুতিলে ভূ মাফিয়াই । এই অবাধ খননক লৈ ইতিমধ্যেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

উল্লেখ্য যে, বন সংৰক্ষণ আইন অনুসৰি অভয়াৰণ্য অথবা ইক' চেনচিটিভ জ'নত খননকাৰ্য আৰু ভূমি বেদখল অপৰাধ । কিন্তু কেৱল আমচাঙেই নহয় বৰং ৰাজ্যখনৰ বিভিন্ন গ্ৰীণ আৰু ইক' চেনচিটিভ জ'নত সময়ে সময়ে চলি আহিছে বেদখল, চোৰাং কাঠৰ ব্যৱসায়  অথবা পাহাৰ খনন কাৰ্য চলাই আহিছে দুস্কৃতিকাৰীয়ে । এই সন্দৰ্ভত, ৰাজ্য চৰকাৰ কিয় নিৰৱ সেইয়াও এতিয়া ৰহস্যৰ আৱৰ্তত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in