বলাহী চামপৰা মীন মহলত আৰক্ষীৰ অভিযানত জাল জব্দ...

author-image
Asomiya Pratidin
New Update
বলাহী চামপৰা মীন মহলত আৰক্ষীৰ অভিযানত জাল জব্দ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম মীন উন্নয়ন নিগম লিমিটেডৰ অন্তর্গৰ ঢকুৱাখনা মহকুমাত অৱস্থিত বলাহী চামপৰা মীন মহলত দীৰ্ঘদিন ধৰি অব্যাহত থকা ৰাজহ ফাঁকিৰে চোৰাং মাছৰ বেপাৰৰ বিৰুদ্ধে কঠোৰ হৈছে লখিমপুৰ জিলা প্ৰশাসন আৰু ঘিলামৰা আৰক্ষী ।  মীন উন্নয়ন নিগমে মীন মহলখনৰ বিপৰীতে নিবিদা আহ্বান কৰাৰ পাছত বৰ্তমান পৰ্যন্ত কোনো নিবিদাকাৰীকে স্থায়ী বন্দোবস্তি দিয়া নাই । এনে পৰিপ্ৰেক্ষিতত মীন মহলখনক নিজৰ পৈত্রিক সম্পত্তি হিচাবে গণ্য কৰি একাংশ মৎস্যজীৱীৰ জৰিয়তে অনিল দাস নামৰ এজন নিবিদাকাৰীয়ে মীন মহলখনত চোৰাং ভাবে মাছ ধৰা অভিযান চলাই গৈছিল ।

Advertisment

এই অনৈতিক কাৰ্য সন্দৰ্ভত লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত স্বটৱানক অন্যতম  নিবিদাকাৰী যুৱৰাজ দাসে সোমবাৰে লিখিত অভিযোগ দাখিল কৰাৰ পাছতে এই চোৰাং বেপাৰৰ বিৰুদ্ধে তৎপৰ হৈ উঠিছে প্ৰশাসন । উপায়ুক্ত গৰাকীয়ে চৰকাৰী ৰাজহ ফাঁকিৰে অব্যাহত ৰখা এই অবৈধ বেহাৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ঢকুৱাখনাৰ মহকুমাধিপতিক ।

মহকুমাধিপতি অৰিন্দম বৰুৱাই ঘিলামৰা আৰক্ষী থানাক এই অবৈধ কাৰ্যত ব্যৱহৃত সকলো সামগ্রী  জব্দ কৰাৰ নিৰ্দেশ দিয়াত আৰক্ষীয়ে মঙ্গলবাৰে নিশা অভিযান চলাই । ঘিলামৰা থানাৰ অচি চন্দন দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে মীন মহলখনৰ চামপৰা অংশৰ পৰা অবৈধ ভাবে মৎস্য চিকাৰ কৰি থকা অৱস্থাত এখন বৃহৎ বেং জাল উদ্ধাৰ কৰি জব্দ কৰে । আৰক্ষীয়ে  চৰকাৰী ভাবে কোনো নিবিদাকাৰীক মীন মহলখনৰ স্থায়ী বা দৈনিক ভিত্তিত বন্দোবস্তি নিদিয়া পৰ্যন্ত কোনো ব্যক্তি অথবা নিবিদাকাৰীক অবৈধ মৎস্য চিকাৰ  নকৰিবলৈ সকীয়াই দিছে ।

assam dhakuakhana