মণিপুৰত পৃথক পৃথক অভিযানত বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দঃ তিনিজনক গ্ৰেপ্তাৰ

মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।  গোপন স্থানৰ পৰা প্ৰতিনিয়ত জব্দ কৰিছে অবৈধ মাৰণাস্ত্ৰ। আজিও জব্দ কৰা হৈছে বহু অস্ত্ৰ।

author-image
Tushar Pratim
New Update
মণিপুৰত পৃথক পৃথক অভিযানত বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দঃ তিনিজনক গ্ৰেপ্তাৰ 

ডিজিটেল সংবাদ শিলচৰ: মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।  গোপন স্থানৰ পৰা প্ৰতিনিয়ত জব্দ কৰিছে অবৈধ মাৰণাস্ত্ৰ।

Advertisment

মণিপুৰত পৃথক পৃথক অভিযানত বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দঃ তিনিজনক গ্ৰেপ্তাৰ 

কাংপোকপি জিলাৰ লুংফাও, মাওহিং আৰু মাখম গাৱত অভিযান চলাই বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ গ্ৰেণেডসহ যথেষ্ট সংখ্যক সজীৱ গুলী জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। অভিযান কালত মেগজিন সহ তিনিটা  SLR Rifle, মেগজিনসহ এটা ইনছাছ (INSAS ) ৰাইফল এটা  .303 Rifle , দুটা 12 Bore Single Barrel Gun, এটা Bolt Action Rifle, এটা .22 Rifle, এটা Long Range Improvised Mortar,  তিনিটা পাম্পি বন্দুক, চাৰিটা হেণ্ড গ্ৰেণেড  আৰু বিভিন্ন মাৰণাস্ত্ৰৰ যথেষ্ট সংখ্যক সজীৱ গুলী জব্দ কৰা হৈছে।

মণিপুৰত পৃথক পৃথক অভিযানত বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দঃ তিনিজনক গ্ৰেপ্তাৰ 

ইফালে, থৌবাল আৰু চূৰাচান্দপুৰ  জিলাত চলোৱা  উগ্ৰপন্থী বিৰোধী অভিযানত  নিষিদ্ধ উগ্ৰপন্থী সংগঠন UNLF ৰ দুজন আৰু PREPAK সংগঠনৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত উগ্ৰপন্থী কেইজন ক্ৰমে হুইদ্ৰম পিছাক ওৰফে পি আই, হেঙগ্লেম থৈবা মেইটেই আৰু খুনদংবাম কলম্বিয়া সিং ওৰফে অতোম্বা।

মণিপুৰত পৃথক পৃথক অভিযানত বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দঃ তিনিজনক গ্ৰেপ্তাৰ 

উগ্ৰপন্থী কেইজনৰ পৰা দুটা গুলী ভৰ্তি মেগজিনসহ এটা নাইন এম এম পিষ্টল, দুখন মটৰ চাইকেল, তিনিটা মোবাইল ফোন, এটা বাইনোকুলাৰ সহ আধাৰ কাৰ্ড আৰু পানকাৰ্ড জব্দ কৰা হৈছে।

মণিপুৰ অবৈধ মাৰণাস্ত্ৰ