/asomiyapratidin/media/media_files/2025/02/16/j1XcX4cR2GwbiooT91iv.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ভূটানৰ পঞ্জীয়নভূক্ত ডাম্পাৰেৰে ৰাজ্যলৈ মাটি-বালিৰ অবৈধ বেহা আৰু ধুবুৰীত ডাম্পাৰ ছিণ্ডিকেটৰ বৃহৎ চক্ৰ শীৰ্ষক বাতৰি যোৱা ১৩ ফেব্ৰুৱাৰীত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিত প্ৰকাশিত হোৱাৰ পিচতে ধুবুৰী জিলা আৰক্ষী প্ৰশাসন অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।
আজি ধুবুৰী আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ধুবুৰীৰ দাওভাংগী এলেকাৰ পৰা দুটাকৈ ভূটান ৰাষ্ট্ৰৰ পঞ্জীয়ন থকা ডাম্পাৰ গাড়ী জব্দ কৰা বুলি জানিব পৰা গৈছে। জব্দকৃত বাহন দুটাই ওচৰৰে স্থানত মাটি পেলোৱাৰ কামত ব্যৱহৃত হৈ আছিল।
আইন বহিৰ্ভূত ভাৱে ধুবুৰীত কিছুদিন ধৰি ডাম্পাৰ ছিণ্ডিকেটৰ এটা চক্ৰই ভূটান ৰাষ্ট্ৰৰ পঞ্জীয়ন হৈ থকা ডাম্পাৰ গাড়ী সমূহক মাটি-বালিৰ কঢ়িওৱা কামত ব্যৱহাৰ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছে বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছিল আৰু সেই ৰাজহুৱা অভিযোগৰ ভিত্তিতে অসমীয়া প্ৰতিদিন ডিজিটেলত বাতৰিও প্ৰকাশিত হৈছিল।
এইক্ষেত্ৰত ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙে নিজে অতি তৎপৰতাৰে অনুসন্ধান অব্যাহত ৰাখি আজি ধুবুৰীৰ দাওভাংগি অঞ্চলৰ পৰা দুটাকৈ ভূটান ৰাষ্ট্ৰৰ পঞ্জীয়ন থকা ডাম্পাৰ গাড়ী জব্দ কৰি দাওভাংগি আৰক্ষী চকীলৈ লৈ আনে।