/asomiyapratidin/media/media_files/2025/06/30/barpeta-30-2025-06-30-21-38-56.jpg)
ডিজিটেল সংবাদ বৰপেটাঃ বৰপেটা জিলাৰ কুকাৰপাৰত আৰক্ষীয়ে নিশা ৫৩ টাকৈ চোৰাং গৰুসহ এখন ট্ৰাক জব্দ কৰাৰ পিছতে বহু কেইটা গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হৈছে। এই চোৰাং গৰু ছিণ্ডিকেটৰ সৈতে জড়িত হৈছে সংখ্যালঘু নেতাৰ নামো।
উল্লেখ্য যে, অভিযোগ অনুসৰি মাজদিয়া আৰক্ষীৰ নাকৰ তলেৰেই প্ৰতিদিনে সৰবৰাহ হৈ আহিছে চোৰাং গৰু। সেই অনুসৰিয়েই দেওবাৰে নিশা কুকাৰপাৰৰ পৰা এ এছ ২৬ চি ৯০২৪ নম্বৰৰ এখন ট্ৰাকেৰে মেঘালয়লৈ গৰু সৰবৰাহ কৰাৰ সময়তে মাজদিয়া আৰক্ষীয়ে গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰে।
অৱশ্যে ট্ৰাকখন এৰি পলায়ন কৰে চালক আৰু গৰাকী। অভিযোগ অনুসৰি এই চোৰাং গৰু চোৰ চক্ৰৰ সৈতে জড়িত হৈ আছে এক বৃহৎ চক্ৰ। এই বৃহৎ চক্ৰৰ পৃষ্ঠপোষকতাতে অব্যাহত আছে গৰুৰ চোৰাং বেহা।
এই চক্ৰটোৰ নেতৃত্বত অনুপ শইকীয়া নামৰ এজন ব্যক্তিৰ নামো চৰ্চালৈ আহিছে। অনুপ শইকীয়া নামৰ এই লোকজনৰ ছত্ৰছায়াতে বৰপেটাৰ পৰা গৰুবোৰ মেঘালয়লৈ সৰবৰাহ কৰা হয়।
তথ্য অনুসৰি এখন ট্ৰাক পাৰ কৰোৱাৰ বাবদ গৰুৰ চোৰাং বেপাৰীয়ে তেওঁলোকক দিব লাগে ৪০ হাজাৰকৈ টকা। তেওঁলোকক এই টকা দি চোৰাং গৰু সৰবৰাহ কৰে সৰবৰাহকাৰীয়ে। ইফালে এইদৰে টকা সংগ্ৰহ কৰাৰ পিছতো যদি কেনেবাকৈ চোৰাং গৰু সৰবৰাহ কৰাৰ সময়ত কাৰোবাক আটক কৰা হয় তেন্তে এই চক্ৰটোৱে মোবাইল বন্ধ কৰি ৰাখে।
আনহাতে যদি এই চক্ৰটোৱে টকা লাভ নকৰে তেন্তে গৰু সৰবৰাহ আৰু সৰবৰাহ কৰা বাহনৰ সবিশেষ আৰক্ষীকো অৱগত কৰে তেওঁলোকে। আৰু সেই মতেই জব্দ কৰে আৰক্ষীয়ে। এই চক্ৰটোৰ সৈতে অনুপ শইকীয়াৰ উপৰিও জনৈক মতিউৰ, আয়ুৱ, হুছেইন আৰু ইউছুফৰ নাম উচ্চাৰিত হৈছে।
জানিব পৰা মতে বৰপেটাৰ বাঘবৰ, কুকাৰপাৰকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা চালান, ৰছিদ, অনুমতি অবিহনে মেঘালয়লৈ এইদৰেই প্ৰেৰণ কৰি অহা হৈছে গৰু। বাতৰি যুগুত কৰা সময়লৈকে জব্দ কৰা গৰুসমূহ কুকাৰপাৰৰ গো-ব্যৱসায়ী ইউছুফৰ ঘৰৰ সন্মুখত ট্ৰাকৰ পৰা নমাই মুকলিকৈ ৰাখে।
সেয়ে এতিয়া প্ৰশ্ন উঠিছে -কোন এই মতিউৰ, অনুপ, আয়ুৱ, হুছেইন, ইউছুফ? এইসকলে কাৰ সৈতে কেনে ধৰণে বুজাবুজি কৰি গৰুৰ অবৈধ ব্যৱসায় কৰি আহিছে বৰপেটাত? সচেতন মহলৰ দাবী আৰক্ষীৰ সঠিক তদন্তত এই গোটেই বিষয়বোৰ স্পষ্ট হ’ব।