/asomiyapratidin/media/media_files/2025/02/24/bnbGZxjCXJy5IK5ecL76.jpg)
ডিজিটেল ডেস্কঃ মিছা হ'ল তথাকথিত বাবাৰ ভৱিষ্যতবাণী। হঠাতে দেশজুৰি খলকনি তোলা আই আই টিয়ান বাবাই আগজাননী দিছিল যে, চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিব টীম ইণ্ডিয়াই। আই আই টিয়ান বাবাই অতি সদম্ভে কৰা এই ঘোষণা দেশজুৰি ভাইৰেল হৈ পৰিছিল। তাৰ পিছতে শংকিত হৈ আছিল ক্ৰীড়ানুৰাগীসকল।
ডুবাইত ভাৰত-পাকিস্তানৰ মেচত টীম ইণ্ডিয়াই আই আই টিয়ান বাবাৰ এই ভৱিষ্যতবাণী বুমেৰাঙলৈ পৰিণত কৰিছিল। এতিয়া দেশজুৰি বাবাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে ক্ষমা খুজিছে আই আই টিয়ান বাবাই।
উক্ত প্ৰসংগক লৈ আই আই টিয়ান বাবাই কয় যে, মই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছো। এই মূৰ্হুতত ভাৰতৰ এই জয় সকলোৱে উদযাপন কৰিব লাগে। অৱশ্যে মোৰ মনে কৈছিল যে ভাৰতে জয়লাভ কৰিব।' আই আই টিয়ান বাবাৰ এই প্ৰতিক্ৰিয়াৰ পাছতে এতিয়া পুনৰ বাবাক কটাক্ষ কৰিছে একাংশই।