ফাইজানৰ মৃত্যুত প্ৰতিবাদ কৰা ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

ফাইজানৰ মৃত্যুত প্ৰতিবাদ কৰা ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

author-image
Asomiya Pratidin
New Update
ফাইজানৰ মৃত্যুত প্ৰতিবাদ কৰা ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

ডিজিটেল ডেস্কঃ খড়গপুৰ আই আই টিত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দেৱীকা পিল্লে নামৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। আই আই টিৰ হোষ্টেলৰ কোঠাৰ পৰাই মৃতদেহ উদ্ধাৰ হোৱা ফাইজানৰ মৃত্যুৰ প্ৰতিবাদ কৰিছিল ছাত্ৰীগৰাকীয়ে। ফাইজান আহমেদৰ মৃত্যুৰ তদন্তৰ সময়তে ছাত্ৰীগৰকীৰ আত্মহত্যাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Advertisment

উল্লেখ্য যে, বিগত বছৰৰ ১৪ অক্টোবৰত হোষ্টেলৰ কোঠাৰ পৰাই উদ্ধাৰ হৈছিল ফাইজানৰ অৰ্ধগলিত মৃতদেহ।ৰেগিঙৰ বলি হৈ আই আই টি খড়পুৰত মৃত্যুক আঁকোৱালি লৈছিল অসম সন্তান ফাইজান আহমেদে।

ফাইজানৰ মৃত্যুত সৃষ্টি হৈছিল ৰহস্যৰ। ৰেগিঙৰ নামত হত্যা কৰাৰ অভিযোগ তুলি পৰিয়ালৰলোকে দাখিল কৰিছিল এজাহাৰ। ইয়াৰ পিছতেই কলিকতা উচ্চ ন্যায়ালয়ে এটাৰ পিছত আন এটা শুনানি গ্ৰহণ কৰাৰ পিছতো প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৰেগিঙৰ লগত জড়িত ছাত্ৰ সকলৰ নাম দাখিল নকৰাত ক্ষোভ ব্যক্ত কৰিছিল ন্যায়ালয়ে।

iit kharagpur