/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/IIT-MADRAS_11zon.jpg)
ডিজিটেল ডেস্কঃ আই আই টি মাদ্ৰাজে একেৰাহে তৃতীয় বছৰৰ বাবে দেশৰ এক নম্বৰ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে। নেচনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্কে (এন আই আৰ এফ) ২০২১ৰ ৯ ছেপ্টেম্বৰত ৰেংকিঙৰ তালিকা প্ৰকাশ কৰিছে। মাদ্ৰাজ আই আই টিয়ে অভিযান্ত্ৰিকৰ লগতে সামগ্ৰিক শ্ৰেণীত এক নম্বৰ স্থান লাভ কৰিছে।
ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স (আই আই এছ চি) বেংগালুৰুয়ে দ্বিতীয় স্থান লাভ কৰিছে আৰু আই আই টি বোম্বাইয়ে তৃতীয় স্থান লাভ কৰিছে।আনহাতে আই আই টি দিল্লী চতুৰ্থ, আই আই টি কানপুৰ পঞ্চম আৰু আই আই টি খড়গপুৰ ষষ্ঠ স্থানত আছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে (জেএনইউ) নৱম স্থান লাভ কৰিছে আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে দশম স্থান লাভ কৰিছে।
সমগ্ৰ দেশৰ আই আই টি প্ৰতিষ্ঠানৰ উপৰিও, ২ খন এন আই টিয়েও শীৰ্ষ ১০ টা স্থানত স্থান লাভ কৰিছে।উল্লেখ্য যে ষষ্ঠ বছৰৰ বাবে এন আই আৰ এফে ৰেংকিং প্ৰকাশ কৰিছে। মাদ্ৰাজ যোৱা ছয় বছৰ ধৰি অভিযান্ত্ৰিক শ্ৰেণীৰ শীৰ্ষত আছে আইআইটি।
আই আই এম আহমেদাবাদ পৰিচালনা শ্ৰেণীত শীৰ্ষস্থান দখল কৰিছে। ইয়াৰ পিছত আছে আই আই এম বেংগালোৰ, আই আই এম কলকাতা, আই আই এম কোজিকোড আৰু আই আই টি দিল্লী। আই আই এম বেংগালোৰ আৰু আই আই এম কলকাতাই শীৰ্ষ ৩ ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
দেশৰ শীৰ্ষ ১০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়ঃ আই আই টি মাদ্ৰাজ, আই আই টি দিল্লী, আই আই টি বোম্বাই, আই আই টি কানপুৰ, আই আই টি খড়গপুৰ, আই আই টি ৰুৰকী, আই আই টি গুৱাহাটী, আই আই টি হায়দৰাবাদ, এন আই টি তিৰুচিৰাপল্লী আৰু এনআইটি সুৰথকাল।