কিয় ইমানকৈ চৰম সিদ্ধান্ত বাছি লৈছে আই আই টিৰ ছাত্ৰ-ছাত্ৰীয়ে?

সমিতিখনে প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু কৰ্মচাৰীসকলৰ মানসিক স্বাস্থ্য আৰু মংগলৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ মূল্যায়ন কৰিব। সমিতিখনে মূল প্ৰত্যাহ্বানসমূহো চিনাক্ত কৰিব।

author-image
Asomiya Pratidin
New Update
াীূূ

ডিজিটেল ডেস্কঃ   ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি খৰগপুৰ কেম্পাছত জানুৱাৰী মাহৰ পৰা একাধিক ছাত্ৰ-ছাত্ৰী আত্মহত্যাৰ ঘটনা সংঘটিত হৈ আহিছে। বিগত বছৰত কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ আত্মহননৰ খবৰ পোৱাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মংগল অৰ্থে এখন শক্তিশালী সমিতি আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আৰু আত্মহত্যাৰ ফলত বৃদ্ধি পোৱা মৃত্যুৰ সমস্যাটো সমাধান কৰিবলৈ বিশেষজ্ঞ মনোবিজ্ঞানী, আইনী আৰু আৰক্ষী পেছাদাৰী, শিক্ষাবিদ, পৰামৰ্শদাতা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰে গঠিত ১০ জনীয়া কেম্পাছ কমিটী গঠন কৰিবলৈ সাজু হৈছে আই আই টি খড়গপুৰ।

শনিবাৰে আই আই টি খড়গপুৰৰ এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰে যে, সমিতিখনে প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু কৰ্মচাৰীসকলৰ মানসিক স্বাস্থ্য আৰু মংগলৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ মূল্যায়ন কৰিব। সমিতিখনে মূল প্ৰত্যাহ্বানসমূহো চিনাক্ত কৰিব।

উল্লেখযোগ্য যে, সদস্যসকলে কেম্পাছৰ সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতি অহা ৩ মাহৰ ভিতৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰি কেম্পাছৰ পৰিৱেশটো উন্নত কৰাত সহায় কৰিব। ভৱিষ্যতে এনেধৰণৰ ঘটনা পৰা হাত সাৰিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থাৰ পৰামৰ্শ দিব।

৮ মে’ বৃহস্পতিবাৰেও প্ৰতিষ্ঠানটোৱে কয় যে তেওঁলোকে কেম্পাছত প্ৰতিজন ছাত্ৰৰ মৃত্যুৰ বাবে প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ) দাখিল কৰাৰ সিদ্ধান্ত লৈছে। ‘আই আই টি খড়গপুৰে ইতিমধ্যে নিজ নিজ ছাত্ৰ গোচৰৰ এফ আই আৰ দাখিল কৰিছে।’ 

আই আই টি খড়গপুৰ