/asomiyapratidin/media/media_files/2025/07/04/new-ap-web-11-11-24-new-2-2025-07-04-16-30-13.jpg)
ডিজিটেল ডেস্ক : অসম তথা আই আই টি গুৱাহাটীৰ বাবে ভাল খবৰ। কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত হৈছে শিক্ষানুষ্ঠানখনৰ ছাত্ৰী সুকন্যা সোণোৱাল।
বি টেক মহলাৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰী সুকন্যাক হিংসাত্মক কাৰ্যকলাপ, উগ্ৰবাদ আদি প্ৰতিহত কৰাৰ লগতে শান্তি আৰু সম্প্ৰীতিৰ বাণী প্ৰসাৰৰ বাবে নিৰ্বাচিত কৰিছে কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত কাৰ্যনিৰ্বাহক সমিতিয়ে। ২০২৫ৰ পৰা ২০২৭লৈকে এই দুটা বৰ্ষৰ বাবে তেওঁক এই দায়িত্ব প্ৰদান কৰা হৈছে।
ইফালে আই আই টি গুৱাহাটীৰ ছাত্ৰীগৰাকীক উক্ত দায়িত্বৰ বাবে নিৰ্বাচিত হোৱাত অভিনন্দন জ্ঞাপন কৰিছে শিক্ষানুষ্ঠানখনৰ সঞ্চালক দেবেন্দ্ৰ জলিহালে। সঞ্চালক তথা অধ্যাপক জলিহালে আনন্দ প্ৰকাশ কৰি কয় যে, সুকন্যা এই মহান কাৰ্যৰ বাবে নিৰ্বাচিত হোৱাত গৌৰৱ অনুভৱ কৰিছো। আশা কৰিছো- তেওঁ এই কাৰ্য সুচাৰুপে পালন কৰি অসম তথা আই আই টি গুৱাহাটীক গৌৰৱান্বিত কৰিব।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, মেধাৱী ছাত্ৰী সুকন্যাৰ ঘৰ লখিমপুৰ জিলাত। তেওঁৰ এই সাফল্যত জিলাখনৰ শৈক্ষিক তথা সচেতন মহলতো আনন্দৰ জোৱাৰ উঠিছে।