বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষানুষ্ঠানৰ ৰেংকিঙত আই আই টি গুৱাহাটীৰ অগ্ৰগতি….

বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষানুষ্ঠানৰ ৰেংকিঙত আই আই টি গুৱাহাটীৰ অগ্ৰগতি….

ডিজিটেল ডেস্কঃ কোৰোনা আৰু বাঘজানৰ পৰিস্থিতিক লৈ ৰাজ্যবাসী চিন্তিত হৈ থকাৰ মাজতে আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰতিষ্ঠান আই আই টিৰ গুৱাহাটীৰ সাফল্য এটা খবৰ। সমগ্ৰ বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰতিষ্ঠান ভিতৰত ২০২১বৰ্ষত আই আই টি গুৱাহাটীৰ স্থান (Quacquarelli Symonds) ৪৭০লৈ অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য যে, ২০২০চনত আই আই টি গুৱাহাটীৰ স্থান আছিল ৪৯১।

গুৱাহাটী আই আই টিৰ অধীক্ষকগৰাকীয়ে এই বিষয়ৰ সন্দৰ্বত সদৰি কৰে যে, আই আই টি গুৱাহাটীৰ ৰেংকিঙৰ অগ্ৰগতিৰ বাবে আমি আন্তৰাষ্ট্ৰীয় শিক্ষাৰ্থীক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছো। লগতে শিক্ষাগত বিভিন্ন বিষয় সংষ্কাৰৰ বাবেও কাম কৰি আছো।

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ Quacquarelli Symonds ৰেংকিঙত ভাৰতৰ আৰু তিনিখন প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰতিষ্ঠানে ২০০ৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে। আই আই টি বম্বে'ই ১৫২সংখ্যক স্থান, আই আই টি বেংগালুৰুয়ে ১৮৪ আৰু দিল্লী আই আই টিয়ে দখল কৰিছে ১৮২ সংখ্যক স্থান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in