/asomiyapratidin/media/media_files/2024/12/11/EldVkUiAY1hsJ0FmOqZh.jpg)
ডিজিটেল ডেস্কঃ বহনক্ষম উন্নয়ন আৰু পৰিৱেশভিত্তিক শিক্ষাক লৈ দিল্লী আই আই টিয়ে লাভ কৰিছে এক বিশেষ সফলতা। শেহতীয়াকৈ পৰিৱেশভিত্তিক শিক্ষাৰ ক্ষেত্ৰত এক স্বীকৃতি লাভ কৰিছে দিল্লী আই আই টিয়ে। সমগ্ৰ বিশ্বৰ শিক্ষানুষ্ঠানৰ ভিতৰত পৰিৱেশভিত্তিক শিক্ষা প্ৰদানক লৈ দিল্লী আই আই টিয়ে ১৭১সংখ্যক স্থান দখল কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, এই তালিকাত পূৰ্বে ২৫৫সংখ্যক স্থানত আছিল দিল্লী আই আই টি। শেহতীয়াকৈ বিদেশ সংস্থা কিউ এছ ৰেংকিঙে প্ৰকাশ কৰা তথ্য অনুসৰি এই ৰেংকিঙৰ তালিকাত ৭৮টা স্থান অগ্ৰগতি লাভ কৰিছে দিল্লী আই আই টিয়ে। এই তালিকাত আছে আই আই টি কানপুৰৰ নামো।