Advertisment

''মোৰ একো বাকী নাই, টকাও নাই, যোগাযোগো নাই।'' আৰক্ষী থানাত আইআইটি বাবা

জয়পুৰত আৰক্ষীয়ে আটক কৰিছে অভয় সিঙক। শিপৰা পথ আৰক্ষী থানাই 'ৰিদ্ধি সিদ্ধি পাৰ্ক ক্লাছিক হোটেল'ত উপস্থিত হৈ সোমবাৰে আই আই টি বাবাক জিম্মাত লৈ যায়। বাবাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ গাঞ্জা। যাৰবাবে তেওঁৰ বিৰুদ্ধে 'NDPS এক্টত ৰুজু হৈছে গোচৰ

author-image
Asomiya Pratidin
New Update
আইআইটি বাবাক আটক

আইআইটি বাবাক আটক

ডিজিটেল ডেস্ক: মহাকুম্ভৰ সময়ত ভাইৰেল হৈ পৰা 'আইআইটি বাবা'ক নিশ্চয় আপুনি পাহৰা নাই। আইআইটি বাবা খ্যাত অভয় সিঙে পুনৰ দখল কৰিছে সংবাদ শিৰোনাম। জয়পুৰত আৰক্ষীয়ে আটক কৰিছে অভয় সিঙক। শিপৰা পথ আৰক্ষী থানাই 'ৰিদ্ধি সিদ্ধি পাৰ্ক ক্লাছিক হোটেল'ত উপস্থিত হৈ সোমবাৰে (৩ মাৰ্চ) আই আই টি বাবাক জিম্মাত লৈ যায়। বাবাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ গাঞ্জা। যাৰবাবে তেওঁৰ বিৰুদ্ধে 'NDPS এক্টৰ' জৰিয়তে ৰুজু হৈছে গোচৰ।
পিছে ঘটনাৰ পাছতে আত্মহত্যাৰ ভাবুকি দিছে আইআইটি বাবাই। সামাজিক মাধ্যমত এটা ভিডিঅ'ৰ জৰিয়তে সমগ্ৰ ঘটনা বিবৰি কোৱাৰ লগতে ৰাইজৰ পৰা বিচাৰে সহায়। উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰো যোগাযোগ বিচাৰে অভয় সিঙে। লগতে তেওঁ কয়,
"আপোনালোকে সকলোৱে পাহৰি গ'ল। ভোলেনাথৰ প্ৰসাদো সকলো শেষ হৈ গ'ল। মই একো বুজা নাই। ইয়াত কোনেও মোক সহায় কৰা নাই। মানুহে মাত্ৰ মেছেজ কৰি আছে। মোৰ গোটেই ৰাতি টোপনি নাহিল। মোক লাইভত যাবলৈ দিয়া নাই। এতিয়াহে তেওঁলোকে অনুমতি দিছে। আপোনালোকে সনাতনৰ যত্ন লওঁক। আন দেশলৈ গৈও মই সনাতন বনাব পাৰো। সত্যৰ অভাৱ নাই। মোৰ লগত পুলিচে জন্মদিন পালন কৰি আছে। মই ভাগৰি পৰিছো। মোৰ একো বাকী নাই, টকাও নাই, যোগাযোগো নাই।''

মহাকুম্ভ মেলা