/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/26ae1dd3-9d43-4558-9fb9-b5e7e2684134/ind_vs_zim.jpg)
ভাৰতৰ হাতত পৰাস্ত জিম্বাবোৱে
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে এই বৰ্ষৰ টি-২০ বিশ্বকাপ। দেওবাৰে অনুষ্ঠিত ছুপাৰ১২ৰ এখন মেচত ভাৰতে জিম্বাবোৱেক ৭১ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। টছত জয়ী হৈ ভাৰতে প্ৰথমে বেট ধৰি জিম্বাবোৱেক জয়ৰ বাবে নিৰ্ধাৰিত অভাৰত ১৮৭ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। সেই অনুসৰি দলটোৱে ভাৰতে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি আটাইকেইটা উইকেট হেৰুৱাই ১১৫ ৰাণতে থমকি পৰাজয় স্বীকাৰ কৰে।
ভাৰতৰ প্ৰতিভাৱান বেটছমেন সূৰ্য কুমাৰে যাদৱ আৰু কে এল ৰাহুলে অৰ্ধ শতৰাণৰ দৰ্শনীয় ইনিংছ খেলি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তাৰ বিপৰীতে পুনৰ ব্যৰ্থ হয় অধিনায়ক ৰোহিত শৰ্মা।