/asomiyapratidin/media/media_files/2025/06/11/hsM6lR9yTndfGC87f18k.jpg)
ধুবুৰীত অব্যাহত চেপা উত্তেজনা, উপস্থিত আইজিপি অখিলেশ কুমাৰ সিং
ডিজিটেল সংবাদ, ধুবুৰী: মঙলবাৰে সন্ধিয়া ধুবুৰীত আহি উপস্থিত হয় আইজিপি(আইন-শৃংখলা) অখিলেশ কুমাৰ সিং। ধুবুৰীৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় অখিলেশ কুমাৰ সিঙে। ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডৰ হনুমান মন্দিৰৰ সন্মুখ ভাগত দুষ্ট চক্ৰই গৰুৰ মূৰৰ অৱশিষ্ট অংশ আৰু ছাল পেলাই ৰখা ঘটনাক কেন্দ্ৰ কৰি এতিয়ালৈকে ৭ জনক আটক কৰা হৈছে বুলি জানিবলৈ দিয়ে আইজিপি অখিলেশ কুমাৰ সিঙে।
উক্ত ঘটনাৰ তদন্ত অব্যাহত আছে বুলি কৈ প্ৰমাণ পালেই দোষীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। বৰ্তমান পৰিৱেশ ভাল হৈছে বুলি উল্লেখ কৰি ধুবুৰী চহৰ পৰিদৰ্শন কৰাৰ কথাও উল্লেখ কৰে আইজিপি গৰাকীয়ে। ভৱিষ্যতে এনে ধৰণৰ ঘটনা সংঘটিত যাতে নহয় তাৰ কামনা কৰি ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে তেওঁ আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us