/asomiyapratidin/media/media_files/2025/05/02/Ctsrrmz1DdwPxaQYcd9d.jpg)
ডিজিটেল ডেস্কঃ মাত্ৰ কেইটামান মিনিটতে পাকিস্তানক ধূলিৰ সৈতে মিলাই দিব পাৰে ভাৰতে। যদিহে ভাৰতে পাৰমাণৱিক ক্ষেপনাস্ত্ৰৰে পাকিস্তানক আক্ৰমণ কৰে তেন্তে মাত্ৰ ৩-৪মিনিটত নিচ্ছিহ্ন হৈ যাব পাকিস্তানৰ কাৰাছী, ইছলামাবাদ, লাহোৰ।
অৱশ্যে এটা কথাও ঠিক যে, বিশ্বৰ ইতিহাসত এতিয়ালৈকে প্ৰত্যক্ষ যুদ্ধত এবাৰেই ব্যৱহাৰ কৰা হৈছে পাৰমাণৱিক ক্ষেপনাস্ত্ৰ। দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই জাপানৰ হিৰোছিমা আৰু নাগাছাকিত পেলাইছিল এই পাৰমাণৱিক ক্ষেপনাস্ত্ৰ। তাৰ পিছৰে পৰা বিশ্বৰ কোনো যুদ্ধত এই ক্ষেপনাস্ত্ৰৰ প্ৰয়োগ হোৱা নাই। এতিয়া পুনৰ আহিছো পাকিস্তান আৰু ভাৰতৰ প্ৰসংগলৈ।
ভাৰতে ১৯৭৪চনৰ ১৮মেত পোখৰান সীমান্তত প্ৰথমবাৰৰ বাবে পাৰমাণিক ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ কৰিছিল। এই ক্ষেপনাস্ত্ৰ বিধৰ নাম দিয়া হৈছিল স্মাইলিং বুদ্ধ। এই বোমাটোৰ ওজন প্ৰায় ১৫টন। এই বোমাটো যদিহে ইছলামাবাদত ভাৰতে পেলায়, তেন্তে নিমিষতে মৃত্যু হ'ব ৭৫হাজাৰতকৈ অধিক লোক।
পাকিস্তানৰ জনবসতিলৈ চাই এই বোমা নিক্ষেপৰ পাছত প্ৰায় ১,৫৩লাখৰো অধিক লোক আহত হব। এই স্মাইলিং বুদ্ধৰ নিক্ষেপৰ পাছত ভূপৃষ্ঠৰ পৰা প্ৰায় ১৯৮মিটাৰ ওপৰলৈ উঠিব জুইৰ লেলিহান শিখা। বোমা বিস্ফোৰণ হোৱাৰ পাছতো প্ৰায় ৪কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত অত্যন্ত মাৰাত্মক ৰশ্মি বিকিৰণ হব। যাৰ বাবে পৰ্যায়ক্ৰমে ১মাহলৈ মৃত্যু হৈ থাকিব বহুলোকৰ।
আনহাতে জীৱিত থকা সকলৰো দেহত থিতাপি লব দুৰাৰোগ্য ৰোগে। এয়া হৈছে ভাৰতৰ এটা পাৰমাণৱিক বোমাৰ শক্তিহে। ১৯৯৮চনৰ ১১ আৰু ১৩মেত ভাৰতে একেলগে ৫টা পাৰমাণৱিক ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰি বিশ্বৰ অন্যতম শক্তিশালী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল।
১৯৯৮চনত ভাৰতে সফল পৰীক্ষণ কৰা নুক নামৰ পাৰমাণৱিক ক্ষেপনাস্ত্ৰটোৰ ওজন প্ৰায় ৪৫কিলোগ্ৰাম। এই বোমাটো যদি পাকিস্তানৰ কোনো স্থানত নিক্ষেপ কৰা হয়, তেন্তে নিমিষতে মৃত্যু হব ডেৰলাখৰো অধিক লোক, আহত হব ২লাখ ৩০হাজাৰো অধিক লোক। বাকী ক্ষয়-ক্ষতিৰ কথা নকলোৱেই।
এনদৰেই বহুকেইটা পাৰমাণিৱক ক্ষেপনাস্ত্ৰ শত্ৰুৰ বাবে সাজু কৰি ৰাখিছে ভাৰতে। যদিহে এনে ক্ষেপনাস্ত্ৰ শত্ৰুৰ বিৰুদ্ধে ভাৰতে ব্যৱহাৰ কৰে, তেন্তে সেই যুঁজত শত্ৰুৰ অৱস্থা কি হব সেয়া সহজেই অনুমেয়।