/asomiyapratidin/media/media_files/2024/11/29/QJHMJkWm1XiL4QzbYJLE.jpg)
ডিজিটেল ডেস্কঃ ২৮ অক্টোবৰত সামৰণি পৰিল ৫৫ সংখ্যক ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ। গোৱাৰ ড° শ্যাম প্ৰসাদ মুখাৰ্জী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৯ দিনীয়া এই অনুষ্ঠানত ২০০ খন ছবি প্ৰদৰ্শিত হয়। বছৰটোৰ ভিতৰত কৰা কামৰ আধাৰত এই অনুষ্ঠানত বঁটাও প্ৰদান কৰা হয়। এই অনুষ্ঠানত অভিনেতা বিক্ৰান্ত মেছীক বছৰৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্বৰ বঁটা প্ৰদান কৰা হয়।
গোৱা চলচ্চিত্ৰ মহোৎসৱ (IFFI ২০২৪)ৰ অধ্যক্ষ পদত থকা আশুতোষ গোৱাৰিকাৰৰ লগতে এণ্টনি চেন, এলিজাবেথ কাৰ্লছন, ফ্ৰাণ বৰ্গিয়া আৰু জিল বিলককে জুৰী সদস্য হিচাপে অংশ লৈ বিভিন্ন শাখাত বিজয়ীসকলক বাছনি কৰি উলিয়াই।
দ্বাদশ ফেইল খ্যাত বিক্ৰান্ত মেছীক বছৰৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্ব বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। স্বেডিশৰ নিৰ্মাতা লেভান আকিনক তেওঁৰ ছবি ক্ৰছিঙৰ বাবে সন্মানীয় আইচিএফটি-ইউনেস্কো গান্ধী বঁটা প্ৰদান কৰা হয়। প্ৰতি বছৰে শান্তি,অহিংসা আৰু মানৱ অধিকাৰৰ প্ৰচাৰ কৰা ছবিক এই বঁটা প্ৰদান কৰা হয়।
আনহাতে, অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা ফিলিপ নয়েছক চলচিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হয়।
আই এফ এফ আই বঁটা প্ৰাপকৰ তালিকাখন তলত উল্লেখ কৰা হ'ল-
১.গোল্ডেন পিকক (শ্ৰেষ্ঠ ছবি): ট'ক্সিক
২.শ্ৰেষ্ঠ অভিনেত্ৰী: ভেষ্টা মেটুলাইট আৰু ইভা ৰূপেইকাইটে (ট'ক্সিক)
৩.অভিনেতা: ক্লেমেণ্ট ফাভাউ (হ'লি কাউ)
৪.শ্ৰেষ্ঠ পৰিচালক: বগডান মুৰেছানু (দ্য নিউ ইয়েৰ ডেট নেভাৰ কেম)
৫.বিশেষ জুৰী বঁটা: লুইচ ক’ৰভ’ইজিয়াৰ (হ'লি কাউ)
৬.স্পেচিয়েল মেনচন (শ্ৰেষ্ঠ অভিনেতা পুৰুষ): এডাম বেছা (হু ডু আই বিলংগ টু)
৭) শ্ৰেষ্ঠ ৱেব ধাৰাবাহিক: লম্পান (মাৰাঠী ভাষা)
৮) বেষ্ট ডেব্যু ফৰ ফিচাৰ ফিল্ম ডাইৰেক্টৰ: চাৰাহ ফ্ৰাইডলেণ্ড
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us