উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰাহুল গান্ধীঃ ক''লে- প্ৰকৃত ভাৰতীয় হ'লে আপুনি এনে মন্তব্য নকৰে...

ভাৰতৰ ভূমি চীনৰ দখলত থকা বুলি কৰা এক মন্তব্যৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰহুল গান্ধী। বিৰোধী নেতাগৰাকীক উচ্চতম ন্যায়ালয়ে কয় যে, প্ৰকৃত ভাৰতীয় হ'লে আপুনি এনে মন্তব্য নকৰে।

author-image
Asomiya Pratidin
New Update
উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰাহুল গান্ধীঃ ক''লে- প্ৰকৃত ভাৰতীয় হ'লে আপুনি এনে মন্তব্য নকৰে...

ডিজিটেল ডেস্কঃ ভাৰতৰ ভূমি চীনে দখল কৰাৰ সন্দৰ্ভত ৰহুল গান্ধীৰ এক মন্তব্যৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে বিৰোধী দলৰ নেতাগৰাকী। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ৰাহুল গান্ধীক উদ্দেশ্যি কয় যে, "আপুনি কেনেকৈ গম পালে যে চীনে ২০০০ বৰ্গ কিলোমিটাৰ মাটি দখল কৰিছে? নিৰ্ভৰযোগ্য তথ্য কি? আপুনি যদি এজন প্ৰকৃত ভাৰতীয় হ'লহেঁতেন তেন্তে আপুনি এই কথা নক'লেহেঁতেন। যেতিয়া সীমান্তৰ সিপাৰে বিবাদ হয়... এই সকলোবোৰ ক'ব পাৰিবনে? সংসদত এই বিষয়ে কিয় প্ৰশ্ন কৰিব নোৱাৰে?"

Advertisment

'আপুনি বিৰোধীৰ নেতা, সংসদত আপোনাৰ কথা কওক'

উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক ধমক দি কয় যে, আপুনি যদি প্ৰকৃত ভাৰতীয় তেন্তে এনে কথা নকয়। উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক প্ৰশ্ন কৰি কয় যে তেওঁ কেনেকৈ গম পালে যে ২০০০ কিলোমিটাৰ ভূমি চীনে দখল কৰিছে?

ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ অগাষ্টিন জৰ্জ মাছিৰ বিচাৰপীঠে এই সন্দৰ্ভত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ৰাহুল গান্ধীক উদ্দশ্যে কৰি এই মন্তব্য কৰে। ইতিমধ্যে এই গোচৰত ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰলৈয়ো জাননী জাৰি কৰিছে।
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আৰু কয়, "আপুনি বিৰোধীৰ নেতা। সংসদত এই বিষয়ে কথা কওক, ছ'চিয়েল মিডিয়াত কিয় কয়?"

ভাৰত জোড়ো যাত্ৰাৰ সময়তো সেনাৰ সন্দৰ্ভত কৰা মন্তব্যত হৈছিল বিতৰ্ক

কংগ্ৰেছ সাংসদগৰাকীয়ে  ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়তো ভাৰতীয় সেনা সন্দৰ্ভত কৰা এক মন্তব্যৰ বাবে বিতৰ্কৰ সূত্ৰপাত হৈছিল। তেওঁৰ বিৰুদ্ধে ভাৰতীয় সেনাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল। 

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আদালতত তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰ স্থগিত ৰাখিছিল। ২৯ মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়ে গান্ধীৰ আবেদন খাৰিজ কৰিছে।

এই সন্দৰ্ভত অভিযোগকাৰী উদয় শংকৰ শ্ৰীবাস্তৱে অভিযোগ কৰিছিল যে, ২০২২ চনৰ ডিচেম্বৰ মাহৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে চীনৰ সৈতে সীমান্তৰ সংঘাতৰ প্ৰেক্ষাপটত ভাৰতীয় সেনাক লৈ কেইবাটাও অপমানজনক মন্তব্য কৰিছিল।

ৰাহুল গান্ধী উচ্চতম ন্যায়ালয়