কৈলাশ মানসৰোবৰ যাত্ৰালৈ গ’লে ভক্তই পাব লাখ টকা

ভক্তসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা কৈলাশ মানসৰোবৰ যাত্ৰালৈ গ’লে ভক্তক এক লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব। - এই কথা সদৰী কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

author-image
Asomiya Pratidin
New Update
ভক্তই পাব লাখ টকা

ডিজিটেল ডেস্ক : ভক্তসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা কৈলাশ মানসৰোবৰ যাত্ৰালৈ গ’লে ভক্তক এক লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব - এই কথা সদৰী কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

Advertisment

এই সন্দৰ্ভত ৰাজ্যখনৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়বীৰ সিঙে কেতবোৰ মন্তব্য কৰে। আগ্ৰাৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত পৰ্যটন মন্ত্ৰীগৰাকীয়ে কয়- কৈলাস মানসৰোবৰ যাত্ৰালৈ গ’লে ভক্তৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা এক লাখ টকা দিয়া হ’ব।

ইতিমধ্যে এই যাত্ৰাৰ বাবে ভক্তৰ প্ৰথমটো দল ৰাওনা হৈছে। এই দলটোত আছে ৫০জন ভক্ত।

uttar pradesh