/asomiyapratidin/media/media_files/2024/12/13/lzgDgvf3dlVh4Dqxujkx.jpg)
ডিজিটেল ডেস্কঃ কেইবামাহো ধৰি চলি থকা যুঁজৰ অন্তত অৱশেষত ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেলৰ ওপৰত সহমতত উপনীত হৈছে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদেও পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হব লগীয়া মেচসমূহৰ সৈতে এই মডেলত অনুমোদন জনাইছে।
নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বিচিচিআইয়ে ভাৰতীয় দলটোক পাকিস্তানত খেলিবলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল। কিন্তু পিচিবিয়ে প্ৰথম অৱস্থাত তেওঁলোকৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছিল ।
এতিয়া অনুমোদিত হাইব্ৰিডৰ মতে, পাকিস্তানৰ বিভিন্ন স্থানত খেল অনুষ্ঠিত হ'ব, আনহাতে ডুবাইত ছেমি ফাইনেল আৰু ফাইনেলকে ধৰি ভাৰতৰ খেল অনুষ্ঠিত হ'ব।
যদিহে ভাৰতে ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰে তেন্তে সেই দুয়োখন খেলৰ স্থান হব ডুবাই। একেদৰে নক আউট পৰ্যায়ৰ পূৰ্বে বাহিৰ হ'লে পাকিস্তানে ছেমি ফাইনেল আৰু ফাইনেল আয়োজন কৰিব।
প্ৰতিবেদনত আৰু কোৱা হৈছে যে, "ভাৰতৰ মেচ আয়োজনৰ সুযোগ হেৰুৱাৰ বাবে পিচিবিক কোনো ক্ষতিপূৰণ দিয়া নহ'ব। বিনিময়ত ২০২৭ চনৰ পিছত পিচিবিয়ে আইচিচি মহিলা প্ৰতিযোগিতা আয়োজন কৰিবলৈ পাব।"
১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চৰ ভিতৰত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব, য’ত আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হব। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।
পিচিবিয়ে প্ৰথমে পাকিস্তান আৰু ভাৰতৰ বহু প্ৰত্যাশিত খেলৰ স্থান হিচাপে লাহোৰক প্ৰস্তাৱ দিছিল। কিন্তু এতিয়া ডুবাইত খেলা হ’ব ভাৰতৰ খেলসমূহ ।