/asomiyapratidin/media/media_files/2025/01/28/VXnL6gJLbh8ikLvY7DxI.jpg)
অশ্বনী কুমাৰক ডি আই টি ই চি, অসমৰ সঞ্চালক হিচাপে নিযুক্তি
ডিজিটেল ডেস্ক : আই এ এছ বিষয়া অশ্বনী কুমাৰক অসমৰ তথ্য প্ৰযুক্তি, বৈদ্যুতিন আৰু যোগাযোগ সঞ্চালকালয় চমুকৈ ডি আই টি ই চিৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। অশ্বনী কুমাৰ হৈছে ইলেক্ট্ৰিনিকছ ইঞ্জিনিয়াৰিঙত ডিগ্ৰীধাৰী তথা আই আই টি মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ। ইয়াৰ উপৰি তেওঁৰ প্ৰশাসনিক বুদ্ধিমত্তা আৰু প্ৰযুক্তিগত দূৰদৰ্শিতাৰ বাবে তেওঁ পৰিচিত এগৰাকী বিষয়া।
এনে এগৰাকী বিষয়াক ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়াত ৰাজ্যখনৰ ডিজিটেল পৰিৱেশ লৈ গতিশীল পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। ডি আই টি ই চিৰ সঞ্চালক হিচাপে কুমাৰে কেইবাটাও মূল দায়িত্ব তদাৰক কৰিব। য’ত ষ্টেট ৱাইড এৰিয়া নেটৱৰ্ক (এছ ৱান), ষ্টেট ডাটা চেণ্টাৰ (এছ ডি চি) আৰু কমন চাৰ্ভিচেছ চেণ্টাৰ (চি এছ চি)ৰ দৰে জটিল আই টি আন্তঃগাঁথনিৰ বিকাশ আদি চোৱা চিতা কৰিব নৱনিযুক্ত সঞ্চালকগৰাকীয়ে।
ইয়াৰ উপৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ শেহতীয়া উন্নয়নৰ জৰিয়তে ই-গভৰ্নেন্স প্ৰকল্পসমূহ আগুৱাই নিয়া আৰু চৰকাৰ আৰু জনতাৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । আনহাতে ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ৰ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট ২০২৫য়ে ৰাজ্যৰ অৰ্থনৈতিক পৰিৱেশত ক্ৰমবৰ্ধমান ভূমিকাক আৰু অধিক উজ্জ্বল কৰি তুলিব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে এই সন্মিলনৰ লক্ষ্য হৈছে- অসমক দক্ষিণ-পূব এছিয়াৰ প্ৰধান বিনিয়োগ কেন্দ্ৰ আৰু গেটৱে হিচাপে স্থান দিয়া। একেদৰে বিনিয়োগকাৰীসকলক একত্ৰিত কৰি আন্তঃগাঁথনি, উৎপাদন, আই টি আৰু ইলেক্ট্ৰনিকছৰ সুযোগ বিচাৰি উলিওৱা।