/asomiyapratidin/media/media_files/2025/06/25/ress-2025-06-25-12-24-43.jpg)
ডিজিটেল ডেস্কঃ সামৰিক ক্ষেত্ৰত পূৰ্বতকৈ অধিক শক্তিশালী হব ভাৰত। বহুদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতীয় বায়ু সেনাত চামিল হ'ব ৬খনকৈ তেজাছ জেট বিমান।
এলচিএ এমকে-১এ ভেৰিয়েণ্টৰ এই তেজাছ জেট বিমানৰ ডেলিভাৰীৰ সময়সূচী বহুদিন ধৰি পিছুৱাই আছিল যদিও চীফ অৱ এয়াৰ ষ্টাফ এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে এই বিষয়টো অচিৰেই সমাধান হোৱাৰ কথা ৰাজহুৱা কৰিছে।
সকলো ঠিকে ঠাকে থাকিলে ২০২৬বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰতে ভাৰতীয় বায়ু সেনাত সংযোজিত হব এই ৬খনকৈ তেজাছ যুজাঁৰু বিমান। উল্লেখ কৰা প্ৰয়োজন যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বায়ু সেনাৰ বাবে ৮৩খন তেজছ এম কে-১এ জেট বিমান ক্ৰয়ৰ বাবে এইচ এ এলৰ সৈতে ৪৮ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছিল।
এই সকলো বিমান ২০২৩তে ডেলিভাৰী দিয়াৰ কথা আছিল যদিও ইঞ্জিন নিৰ্মাণত বাৰে বাৰে বিলম্ব হৈছিল। অৱশেষত ২০২৬ৰ মাৰ্চ মাহৰ ভিতৰতে ৬খনকৈ তেছাজ বিমান ভাৰতে লাভ কৰিব বুলি ঘোষণা কৰিছে ভাৰতীয় বায়ু সেনাই।