Advertisment

ভাৰতত আইফোনৰ উৎপাদন মূল্যই অতিক্ৰম কৰিলে ১০ মিলিয়ন ডলাৰ...

ভাৰতত উৎপাদিত এপেল কোম্পানীৰ এই আইফোন সমূহৰ ৭ বিলিয়ন ডলাৰ মূল্যৰ আইফোন সমূহ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হৈছে। পিএলআই আঁচনিৰ অধীনত ঘৰুৱাভাৱে এই আইফোন সমূহ নিৰ্মাণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
১

ডিজিটেল ডেস্কঃ  ভাৰতত যোৱা ৭ মাহত নিৰ্মাণ কৰা আইফোনৰ মূল্যই ১০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। যিটো এক অভিলেখ। কেন্দ্ৰীয় চৰকাৰৰ প্ৰডাকচন লিংক ইনচেটিভ চমুকৈ পিএলআই আঁচনিৰ অধীনত ঘৰুৱাভাৱে এই আইফোন সমূহ নিৰ্মাণ কৰা হৈছে।

Advertisment

কেন্দ্ৰীয় ইলেক্ট্ৰ'নিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণবে এক্স হেণ্ডেলযোগে এই কথা সদৰি কৰি কয় যে আহি থকা দিনত পিএলআই আঁচনিৰ অধীনত স্মাৰ্ট ফোনেও আন এখ মাইলৰ খুঁটা স্থাপন কৰিব। ভাৰতত উৎপাদিত এপেল কোম্পানীৰ এই আইফোন সমূহৰ ৭ বিলিয়ন ডলাৰ মূল্যৰ আইফোন সমূহ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, এপেলৰ এই উৎপাদন ব্যৱস্থাই যোৱা ৪ বছৰত ১ লাখ ৭৫ হাজাৰ প্ৰত্যক্ষ চাকৰি সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত ৭২ শতাংশৰো অধিক মহিলাই নিযুক্তি লাভ কৰিছে। চলিত বৰ্ষৰ জুলাই-চেপ্তেম্বৰত এপেলে ভাৰতত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণেও সৰ্বকালৰ অভিলেখ ভংগ কৰিছে।

সেই ৰাজহৰ বৃদ্ধিৰ হাৰ ৩৬ শতাংশ। কোম্পানীটোৱে ২০২৩ বৰ্ষত ২২২৯.৬ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও ২০২৪ বিত্তীয় বৰ্ষত সেই লাভ ২৩ শতাংশ বৃদ্ধি পাইছে।

আইফোন