''এই গুজৰাট মই নিৰ্মাণ কৰিছো'' মোডীৰ নিৰ্বাচনী শ্লোগান

গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। গুজৰাট নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাছতেই প্ৰতিটো ৰাজনৈতিক দল উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত।

author-image
Asomiya Pratidin
New Update
''এই গুজৰাট মই নিৰ্মাণ কৰিছো'' মোডীৰ  নিৰ্বাচনী শ্লোগান

modi

ডিজিটেল ডেস্ক: গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। গুজৰাট নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাছতেই প্ৰতিটো ৰাজনৈতিক দল উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত।

Advertisment

দেওবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে এখন জনসভা সম্বোধন কৰি "মেইনে বানায়া ইয়ে গুজৰাট"( মই নিৰ্মাণ কৰিছো এই গুজৰাট) শ্ল'গান দিয়ে। প্ৰধানমন্ত্ৰী মোডীয়ে গুজৰাটী ভাষাত এই শ্লোগান টো মুকলি কৰিছে।

মোডীয়ে কয় যে প্ৰতিজন গুজৰাটী আত্মবিশ্বাসেৰে ভৰি আছে, সেয়েহে প্ৰতিজন গুজৰাটীয়ে কথা কয়, বিবেকৰ কণ্ঠস্বৰে কয়, প্ৰতিটো কণ্ঠ স্বৰ গুজৰাটৰ হৃদয়ৰ পৰা আহে, এই গুজৰাট মই নিৰ্মাণ কৰিছো।

তেওঁৰ ভাষণৰ সময়ত গুজৰাটী ভাষাত কয় যে ''আ গুজৰাট, মই বানবৌ ছে'' (মই নিৰ্মাণ কৰা এই গুজৰাট)। তাৰ পাছতেই উপস্থিত থকী লোকসকলক এই শ্ল'গানটো কেইবাবাৰো পুনৰাবৃত্তি কৰিবলৈ কৈছিল।

তেওঁ কয় যে, "গুজৰাটক বদনাম কৰাৰ চেষ্টা কৰা, ঘৃণা বিয়পোৱাত নিয়োজিত বিভাজনকাৰী শক্তিবোৰক গুজৰাটৰ পৰা বাহিৰ হোৱাৰ পথ দেখুওৱা হৈছে। দিল্লীত বহি মই খবৰ পাইছো যে বিজেপিয়ে এইবাৰ ৰেকৰ্ড ভোটৰ সৈতে গুজৰাটত জয় লাভ কৰিব।

উল্লেখ্য যে, ১৮২ খন আসনৰ বাবে গুজৰাট বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়টো ১ ডিচেম্বৰত আৰু দ্বিতীয় পৰ্যায়টো ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব।

gujarat narendra modi bjp