মই বাংলাদেশী সভাপতি নহয়, ভাৰতীয় নাগৰিকহে : মেহবুব আলম

নদুৱাৰ সমষ্টিৰ চৌকীঘাট গাঁও পঞ্চায়তৰ সভাপতি মেহবুব আলমক বাংলাদেশী সভাপতি বুলি বাতৰি প্ৰচাৰ হোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছ সভাপতিগৰাকীয়ে ৷ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত সভাপতি মেহবুব আলমে এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে শনিবাৰে।

author-image
Asomiya Pratidin
New Update
fhfj

ডিজিটেল সংবাদ, জামুগুৰিহাট : নদুৱাৰ সমষ্টিৰ চৌকীঘাট গাঁও পঞ্চায়তৰ সভাপতি মেহবুব আলমক বাংলাদেশী সভাপতি বুলি বাতৰি প্ৰচাৰ হোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছ সভাপতিগৰাকীয়ে ৷ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত সভাপতি মেহবুব আলমে এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে শনিবাৰে।

Advertisment

সংবাদমেলযোগে তেওঁ কয়- মই বাংলাদেশী সভাপতি নহয়, মই ভাৰতীয় নাগৰিক ৷ মোৰ আজোককা আৰু ককাৰ ১৯৬০ চনৰ ভোটাৰ তালিকাত নাম আছে ৷ মই জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰি ২০২০ চনতে মহবিদ্যালয়খনৰ পৰা স্নাতক ডিগ্ৰী লৈছিলো৷ 

তেওঁ আৰু কয়- যোৱা পঞ্চায়ত নিৰ্ব্বাচনত মই ৬নং গটাইমাৰী ৱাৰ্ডৰ পঞ্চায়ত সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্ব্বাচিত হোৱাৰ পিছত নৱগঠিত চৌকীঘাট গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ বৰ্তমানে কাৰ্য্যনিৰ্ব্বাহ কৰি আছো ৷ মোৰ সমগ্ৰ পৰিয়ালটো বিজেপি দলৰ সদস্য আৰু বিধায়ক পদ্ম হাজৰিকাৰ কাম-কাজকলৈ আমি অনুপ্ৰাণিত ৷ 

নদুৱাৰ সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কংগ্ৰেছৰ ভেটি তচনচ হোৱাৰ পাচতেই একাংশ কংগ্ৰেছীয়ে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে আৰু মোৰ সামাজিক ভাবমূৰ্ত্তি বিনস্ত কৰাত  নামি পৰিছে ৷ ইতিমধ্যে এই ষড়যন্ত্ৰকাৰীসকলক আমি চিনাক্ত কৰিছো আৰু আইনৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো বুলি সংবাদমেলত মন্তব্য কৰে চৌকীঘাট পঞ্চায়তৰ সভাপতি মেহবুব আলমে ৷

jamugurihat